শৰীৰৰ ভিতৰৰ শৰীৰ~কবিতা-হেমেন হাজৰিকা

©Admin
0
  আগতীয়াকৈ ব'হাগক 
  জনাই থোৱা
  দুষ্ট ফাগুনে কেনেকৈ
  জোকাৰি থৈ যায়
  শৰীৰৰ ভিতৰৰ শৰীৰটো।

 খৰাং চ'তৰ
 অত্যাচাৰ সহি সহি
 যেতিয়া আকাশ চাইছিলোঁ
 ডাৱৰবোৰ ৰঙা হৈ
 ঢাপলি মেলিছিল ক'ৰবালৈ
 তাৰমানে সেয়া
 শিমলু - মদাৰ আছিল
 ডাৱৰ ৰঙা কৰা।

ঠিকেইটো...
If winter comes 
than spring no far behind
তাকে ভাবি  মইও ততাতৈয়াকৈ
ব'হাগক আগতীয়াকৈ
কথাটো জনাই থলোঁ। 

 ✍ হেমেন হাজৰিকা
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)