আশাহীন জীৱন~কবিতা-নাৰায়ণ গোঁড়

©Admin
0
নিজৰ মাজত ডুবি গৈ আছোঁ
আশা আছিল বহু
জীৱনক ন ৰূপে সজোৱাৰ;

সপোন সপোনেই হৈ ৰ'ল
কল্পনা মাথোঁ  কল্পনা।

ভৱা নাছিলো কাহানিও
জীৱনৰ মাজবাটত থমকি ৰ'ম বুলি
সপোন দেখি কৰিলোঁ দুখ।

ৰিক্ত  দুই হাত
উদ্দেশ্যহীন আন এক যাত্রা
নাই কোনো সপোন 
নাই লক্ষ্য, নাই আশা
মাথোঁ গৈ আছো...

নাই পোৱা-নোপোৱাৰ দুখ
নাই হেৰুৱাৰ বেদনা
মাথোঁ জীয়াই থকাৰ বাসনা।

✍নাৰায়ণ গোঁড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)