নীলা খামৰ চিঠি-জহিৰুল ইছলাম

©Admin
0
অন্ধকাৰচ্ছন্ন সময়
পোহৰৰ নিৰ্লুপ্ততাত বিপন্ন জীৱন
অতীত সোঁৱৰণত অ-কৰ্ষিত বহু পথাৰত
এতিয়া অচিনাকি ফচল
ভঁৰাল শূন্য

মৰমৰ নীহাৰিকা,
      লকডাউনে কোঙা কৰা জীৱন। মৰম এবুকু দিবলৈও ভয় হয় জানোচা মহামাৰীয়ে পায়? সেয়ে মৰম বুলি যাচিছোঁ এবটল ছেনিটাইজাৰ আৰু মাক্সৰ টোপোলা এটা। আশাকৰোঁ সাদৰে গ্ৰহণ কৰিবা।
          খলা-বমা অতীত। বৰ্তমানৰ নৈৰাশ্যতাত ছঁয়া-ময়া ভৱিষ্যত। যেন এক ডুবন্ত নৌকাত অনিশ্চিত যাত্ৰাত সহযাত্ৰী বেশত মই আৰু মোৰ হেজাৰটা প্ৰশ্ন। ভাসমান হাতৰ গুৰি বঠা। 
             আজি এই কঠিন সন্ধিক্ষণত সিদ্ধান্তহীন সিদ্ধান্তৰ সিদ্ধান্তহীনতাত জীৱনে হেৰুৱাইছে জীয়াই থকাৰ উৎসাহ। জীৱন, জীৱিকা আৰু চাহিদাৰ বেপৰোৱা আচৰণত সংজ্ঞাহীন হৃদয় ; যেন জীৱনটো- জীৱন নহয়, ব্যৰ্থতাৰ এক জীৱন্ত প্ৰতীক। যি জ্বলি-পুৰি শেষ হৈও আনক পোহৰাই লভে সীমাহীন তৃপ্তি।  প্ৰতিশ্ৰুতিবোৰে বিশ্বাসৰ দলিচাত ধুমকেতুৰ দৰে আহি জিৰায় মনিকূটত আকৌ হেৰাই যায় সময়ৰ চাকনৈয়াত প্ৰতিশ্ৰুতিৰ প্ৰতিটো বৰ্ণ অনাকাংক্ষিত আঁচোৰত আৰু তাত থিতাপি লয় অনুসূচনা, হতাশা,আত্মঘৃণা,বঞ্চনা, অপমান,অনিদ্ৰা আৰু সীমাহীন অৱহেলাই। প্ৰশ্নৰ শিতানত অলেখ প্ৰশ্ন। উত্তৰত এখন নৈৰাশ্য ভৰা ধূসৰ পৃথিৱী। এনে এক সংকটময় সময়ত 'মই' সামান্যজনৰ মনলৈ অহা বহু কথা তোমাৰ অনুভৱৰ পথাৰলৈ আগবঢ়াব বিচাৰিও থমকি ৰয় মোৰ খহটা হাতৰ শীৰ্ণ আঙুলিৰ ফাঁকত কলমডালে শেষ হ'ব ধৰা ৰিফিলৰ সৈতে। তোমাৰ যুক্তিবাদী অনুভৱৰ পৃষ্ঠাত মোৰ ব্যক্ততাই তোমাক কিমান মৌনতাৰ সাগৰলৈ বোৱাই নিয়ে সেয়া সময়েহে ক'ব।
         বান বিধ্বস্ত জীৱন। আছে বুলি অত-তত পৰি থকা লাগতিয়াল বস্ত। প্ৰয়োজন থাকিলেও প্ৰকৃতিৰ তাণ্ডৱতাত চকুৰ সন্মুখতে নষ্ট হয় একো কৰিব নোৱাৰাকৈ। ঠিক সেইদৰে মোৰ জীৱনৰ প্ৰতিটো ক্ষণ এতিয়া একো কৰিব নোৱাৰাকৈ ধ্বংসৰ গৰাহত ক্ৰমে ধাৱিত। সিদিনা আমাৰ স্কুলৰ চকীদাৰৰ কথাবোৰ শুনি মোৰ মনলৈ প্ৰশ্নৰ উদয় হৈছে জানানে? মানৱতা টকাৰে জুখিব পাৰিনে?
চকীদাৰ ৰমেন অত্যন্ত অমায়িক। কাৰো লগত  কেতিয়াও বেয়া ব্যৱহাৰ নকৰা সদায় হাঁহি-ফূৰ্তিৰে সময় কটোৱা  ল'ৰাজনৰ মৌনব্ৰত দেখি মই তাক সুধিলোঁ, কি হৈছে ৰমেন? সি শেঁতা পৰা হাঁহিৰে তাৰ ভিতৰত থকা দুখবোৰ ঢাকিব খুজিছিলে যদিও নোৱাৰিলে। তিনিদিন আগতে বৰুৱাৰ পৰা এহেজাৰ মান টকা লৈছিল সদ্য জন্ম হোৱা ভাগিনীজনীক চাব যোৱাৰ কাৰণে। কিন্তু হঠাৎ এনে অৱস্থা কিয়?
ঐ ৰমেন ক'চোন কি হৈছে?
ৰমেনে কথাটো কওঁ-নকওঁকৈ ক'ব আৰম্ভ কৰি আকৌ থমকি ৰ'ল। চকুলোৰে তাৰ দুগাল তিতি আহিব ধৰিলে। জোৰ কৰাত সি ক'বলৈ আৰম্ভ কৰিলে,
      চাকৰি হোৱা নাই বুলি নোখোৱাকৈ আছোঁ নে?
সিহঁতৰ ঘৰত হয়তো প্ৰতিনিয়ত মাছে-মাংসে এসাঁজ খায়, আমি মাহত নতুবা ছমাহত এদিন, তাতে জানো---? 
 ভণ্টিৰ ভয়,- 'মই কিবা লৈ যাব পাৰোঁ নে নাই'-সেই কাৰণে মোলৈ টকা পঠাইছে তাইৰ ছোৱালী চাবলৈ।
আৰু কি কম--? কিমান আত্মসন্মানবোধ, নহয়নে?
আমাৰ জানো আত্মসন্মানবোধ---?
ৰমেনে নগ'ল আৰু ভাগিনীজনীক চাবলৈ। হেঁপাহ, হেঁপাহ হৈয়েই থাকিল মনৰ মাজত। 
 ৰমেনৰ কথা খিনি তোমাক কোৱাৰ প্ৰয়োজন নাছিল যদিও তোমাক নোকোৱাকৈ থাকিব নোৱৰিলো। আত্মদ্বন্দত মই নিজকে বুজাব নোৱাৰি তোমাৰ লগত কথা পাতি এতিয়া হৃদয়খন অলপ পাতল যেন অনুভৱ হৈছে। তোমাৰ কেনে লাগিছে নাজানো। ৰমেন,ৰমেন নহয় এ‌য়াই আমাৰ জীৱনৰ আত্মসন্মান, আত্মীয়তা।
       বহু কথাই ক'লো আজি। তোমাৰ হয়তো বিৰক্তি লাগিছে। সেয়েহে বেছি নকওঁ আৰু। ক্ষমা কৰিবা।

পুনঃ

বুজি উঠিও অবুজ আজি

দুচকুৰ ভ্ৰুকুটিত অৱজ্ঞাৰ শাণিত শূল
তেজদগ্ধ কলিজাত অনশন অনুতাপৰ
ছন্দ মুক্ত শব্দৰ মিচিলত বাজি উঠে শ্লোগান
প্ৰাপ্তি-অপ্ৰাপ্তিৰ
এক তিক্ত অনুভৱ সীমাহীন অৱজ্ঞাৰ
ইতি,
                   তোমাৰ,
                     ‌       নীলাভ
                            নিৰিবিলি নগৰ,
                            নিঃসংগ ভৱন


✍জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)