বকুলৰ প্ৰাৰ্থনা~কবিতা-বন্দনা মহন্ত

©Admin
0
কোন  মৰমীয়াল মানুহে 
মোক এই  পথটোৰ  কাষত  
ৰুঁই   প্ৰতিপাল  কৰি  ডাঙৰ  কৰিছিল  
জানো 
মোৰচোন  ইমান  মনত  নাই  
মই  তেতিয়াৰ  পৰা  ইয়াতে  আছো 

এতিয়া  দেহাটো  কঠিন  হৈ 
ডাল  পাতেৰে  সেউজীয়া  হৈ  থাকো  মই 

মোৰ  বগা  বগা  ফুলবোৰ  বুটলিবলৈ 
ৰাতিপুৱা  , আবেলি  সৰু  সৰু  ল'ৰাছোৱালী 
দুটামান  আহে  
বতাহৰ  জাক  এটা  আহি  সুগন্ধিবোৰ 
ক'ৰবালৈ  লৈ  যায় 
কেতিয়াবা  বাটৰুৱা  দুজনমানো  মোৰ  কাষতে 
জিৰায়হি 
ৰঙা  ৰঙা  গুটিবোৰ  খাবলৈ  চৰাই কেইটামানো 
উৰি  আহে 

ৰ'দে  , বৰষুণে  আকাশলৈ  চাই  থাকো  মই 
মেঘৰ  সতে  উৰি   যোৱা  বনৰীয়া  চৰাইবোৰৰ
গানবোৰ  শুনো 
ধুমুহা  , শিল  ,বৰষুণ  আহিলে  শিপাবোৰ  জোৰকৈ
খামুচি  ধৰো 

যোৱাকালিৰ  পৰা  মনটো  বৰ  বেয়া 
মানুহদুটামানে  মোৰ  কাষতে  ৰৈ  কথা 
পাতি  থকা  শুনিছিলো 
সিহঁতে  হেনো  পথটো  বহলাব 
তাৰবাবে  হেনো  মোক  কাটিব  লাগিব

উস  ! 
কথাটো  শুনাৰ  পৰা   মোৰ  বুকুত 
দুখ  আহি  বাহ  সাজিছেহি 

মইতো  মানুহক  ছাঁ  দিওঁ  বতাহৰ  সতে 
কোমল  কোমল  ফুলৰ  সুগন্ধিৰে  মন  ভৰাই 
তোলো 
জীৱনটো  সাৰ্থক  কৰিবলৈ  ত্যাগক  সাৱটি 
লৈছো 
তথাপিও   মোক  মানুহে   কিয়  ভাল  নাপায় 

মোক  ৰুই   মানুহেইতো  ডাঙৰ  কৰিছিল 
সেই  মৰমীয়াল   মানুহবোৰ  ক'ত  গ'ল  বাৰু 

মোৰ  মৃত্যু  হ'লে 
চৰাই  কেইটাচোন  কেতিয়াবা  ভোকতেই  
থাকিব  লাগিব

বৰ  দুখ  লাগিছে  মোৰ  
এই  ধুনীয়া  পৃথিৱীখন  এৰি  যাবলৈ  মোৰ 
অকণো   ইচ্ছা  নাই  
মইতো  চিঞৰি  চিঞৰি  কান্দি   কাৰোবাক 
সহায়ৰ  কাৰণে  মাতিবও  নোৱাৰো

তথাপিও   
নিৰৱে

ঈশ্বৰক  প্ৰাৰ্থনা  কৰিম  
মোক  মৃত্যুৰ  কোলাত  শুৱাই  দিবলৈ 
সেই  মানুহকেইটা  যেন  নাহক  

ঈশ্বৰে  মোৰ  প্ৰাৰ্থনা   শুনিবনে   ? 


✍বন্দনা মহন্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)