নীলাখামৰ চিঠি~হিৰণ্যময়ী বৰুৱা

Rinku Rajowar
0
প্ৰতি 
বাস্তৱলৈ, 

মৰম লবা।তোমাৰ বাবে প্ৰতিদিনেই সময় দিও মই।তোমাৰ বাবে চিন্তা কৰোতে কৰোতে নিজৰে উচ্চ ৰক্তচাপ হৈ গৈছে।ঘৰৰ মানুহে সহ্য কৰিব নোৱাৰি ডাক্তৰৰ তালৈ মোক লৈ যায়।তাত প্ৰেচাৰ চেক কৰিলে, তাৰ বাবদ ঔষধ দিলে তিনিটা। চুগাৰ চেক কৰিলে, তাৰে ঔষধ দিলে চাৰিটা। ভিটামিন দিলে সপ্তাহত এটাকৈ ডি ভিটামিন। চি ভিটামিন দিলে দৈনিক খাবলৈ এটাকৈ।মানুহ এজনী, ঔষধ একটোপোলা।খাবলৈ মুঠেও মন নেযায়।দিন যিমানে বাগৰিছে সিমানে
তোমালৈ মনত পৰিছে।তোমাৰো কিডনিত ইনফেকচন কৰাদি মোৰো কিডনিত ইনফেকচন হৈছে। মৰিম বুলি ঘৰৰ মানুহবোৰে মন মাৰি এঠাইত বহি আছে।সকলোৰে একে চিন্তা মোৰ কেতিয়া ভাল হব।মোৰ চিন্তা তোমাৰ কেতিয়া ভাল হব।
জীৱনৰ কথাবোৰ এনেকুৱাই।বৰ্তমান মোৰ কাম ও নাই আৰু আজৰিও নাই।
কিমান কাম টেবুলত পৰি আছে।অফিচৰ ,ঘৰৰ।
বাস্তৱ তোমাৰ ভাল হওঁক তাৰে কামনা কৰিলোঁ।মোৰ ঔষধ খোৱাৰ সময় হ'ল।
ইতি তোমাৰ 

শৈশৱৰ বান্ধৱী

🖋️হিৰণ্যময়ী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)