নিয়ম ভঙা নিয়ম~কবিতা-হেমেন হাজৰিকা

©Admin
0

    শুকান পথাৰখনৰ
    বেল জোপাৰ
    বেলবোৰ পকিবৰ
    সময় হৈছে  ।

    জিকা ফুলৰ দৰে
    থৌকি বাথৌ সময়  ।

   নিয়ম ভঙা নিয়মৰ মাজেৰে
   পৰুৱাবোৰে জিকা ফুল
   সংৰক্ষণ কৰিছে   ।

   কোন সৈনিক
   কোন কৰ্মী
   কোন পহৰাদাৰ হ'ব
   ৰাণী মৌৱে
   ঠাৱৰ কৰিব পৰা নাই   ।

   বেল পকিলে
   তুমি বাউলী হৈছিলা
   মনত পৰেনে অৰুণিমা  ?

    এতিয়া
    তোমাৰ যে
    একোৱেই খবৰ নাপাওঁ   ।

 ✍ হেমেন হাজৰিকা
                 
            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)