স্মৃতি-কবিতা~ধিৰাজ তালুকদাৰ

Rinku Rajowar
0
 আপোনজনৰ পৰা আঁতৰি থাকি 

  কোনে কয় সুখী হ’ব পাৰি বুলি

  প্ৰতিটো দিনেই যেন নাযায় নুপুৱায় ৷ 

  দুচকুত … ?? 

  অহৰ্নিশে ভাঁহি ফুৰে 

  অতীতৰ জালিকটা 

  স্মৃতিবোৰে ৷ 

  দুহাত মেলিলেই শূণ্যতাবোৰ ওলমি 

  পৰেহি মোৰ আঙুলিৰ ফাঁকত 

  হৃদয়ৰ চাৰিকৰিয়াই 

  উচুপি থাকে … ??? 

  তেওঁৰ স’তে কটোৱা সেই 

  ৰঙীন আবেলিবোৰ বিচাৰি ৷

✒️ধিৰাজ তালুকদাৰ
 জিলা নলবাৰী   
কামৰূপ মহাবিদ্যালয় ,চামতা
    তৃতীয় ষাম্নাসিক (দৰ্শন বিভাগ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)