উকা পৃষ্ঠাবোৰ~লোনা দহোতিয়া পাৰিজাত

Rinku Rajowar
0
উকা পৃষ্ঠাবোৰ মোৰ ভাল নালাগে।
সেয়ে,আঁহত হোৱা মোৰ অনুভৱক চেষ্টা কৰিছোঁ পুনৰ জীৱিত কৰিবলৈ।
কম কম বুলি মনত ভাবি থকা কিছুমান কথা কবলৈ নোৱাৰা দুখটোৱে কেতিয়াবা বৰকৈ খুলি খুলি খায়।
তথাপিও স্বাভিমান হৈ থমকি ৰয় কৰবাত।
প্ৰত্যেক দিনাৰ দৰে আজিও বহিছোঁ আধৰুৱা হৈ ৰোৱা উকা পৃষ্ঠাবোৰত শব্দৰ মালা গাঁঠিবলৈ।
কবিতা বাৰু মোৰ তেনে প্রিয় নাছিল।
কিন্তু তোমাক ভালপোৱাৰে পৰা কবিতা মোৰ প্ৰাণতকৈও প্রিয় হৈ পৰিল।
তোমাৰ পিছে কবিতা এতিয়াও প্রিয় নে?
নে মোৰ দৰে তোমাৰো অনুভৱবোৰ উকা হৈ পৰিল।
উফ,প্ৰত্যেক দিনাৰ দৰে আজি আকৌ লুকা-ভাকো খেলিছে শব্দবোৰে।
আজিও উকা হৈয়ে ৰৈ যাব নেকি মোৰ পৃষ্ঠাবোৰ।
সৌৱা বৰষুণজাকো নামি আহিল ধৰা বুকুলৈ আগজাননী নিদিয়াকৈয়ে।
তুমি যে মোক প্ৰায়ে প্ৰশ্ন কৰিছিলা তুমি বৰষুণজাকক কিয় বেয়া পোৱা? 
শুনা । বৰষুণ মোৰো প্ৰিয় কিন্তু হঠাৎ আগজাননী নিদিয়াকৈ অহা বৰষুণজাককহে মই বেয়া পাওঁ।
 হঠাৎ অহা ধুমুহা যাকে নজনাকৈয়ে বহুতো উৰুৱাই লৈ যায়।
এই যে বিষদবোৰ অনুভৱ কৰোঁ একমাত্ৰ তুমিহীনতাৰ বাবে।
সময়বোৰ সলনি হৈ গ'ল আৰু সময়ৰ লগে লগে তুমিও।
সকলোবোৰ জানিও কিয় জানো মোৰ মনটোক বুজাব নোৱাৰোঁ ।
তুমি হেৰাই যোৱা যন্ত্ৰণাই  মোক জুৰুলা কৰি পেলাইছে।
 সেই যে হালধীয়া বুটাম লগা নীলা ৰঙৰ চাৰ্টটো তুমি আজিও পিন্ধা নে ?
সেইটো চাৰ্ট পিন্ধিলে তোমাক জোখতকৈ বেছি ভাল লাগে ।
তোমাৰ ভাল লগা বেয়া লগা আৰু তুমি মোক কোৱা প্ৰতিটো কথাই মোৰ মনৰ পদূলিত জীপাল হৈ আছে আজিও।
কেনেকৈ পাহৰো তোমাক ।
তোমাক পাহৰিবলৈ হয়তো মই মোৰ নিজক পাহৰিব লাগিব।
চাৰি বাজি পঁচপন্ন মিনিট হ'ল আজিও দেখোন ভাবি থাকোতেই সময়বোৰ পাৰ হ'ল।
পৃষ্ঠাবোৰ আকৌ উকা হৈয়ে থাকিল। 
ধেইট টেৰী।
সম্পূৰ্ণ হ'ব নে বাৰু কেতিয়াবা মোৰ আধৰুৱা পৃষ্ঠাবোৰ।
জোৰ নকৰোঁ তোমাক সলনি হ'বলৈ।তুমি তুমি হৈয়ে আগুৱাই গৈ থাকা। 
জীৱন বাটত যদি কেতিয়াবা অকলশৰীয়া হৈ পৰা আহিবা। 
মই আগৰ দৰে একেদৰে আছোঁ যিদৰে তুমি মোক মোৰ দৰে ভাল পাইছিলা  
হয়তো মোৰ উকা পৃষ্ঠাবোৰো সেইদিনাই পূৰ্ণ কৰিব পাৰিম।

🖋️লোনা দহোতিয়া পাৰিজাত
     কাকপথাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)