সৰিয়হ ফুলিলে
হাঁহ তেলাল হয় ।
নদীৰ সীমনাত
দুটা যৌৱনে থিয় হৈ
সৰিয়হৰ মাজত
সপোন ৰঁচে ।
হালধীয়া ৰ'দৰ ছাঁত
একোলা বহি
সুমথিৰা--ধনীয়া -- নিমখৰে
ল'ব পাৰি জিভাৰ জুতি ।
তেলাল হাঁহেৰে
কোমোৰাৰ ডাঠ আঞ্জা
আইতাৰ জুহালত
পাহৰিব নোৱাৰা জুতি ।
একেই আশাৰে
সৰিয়হ ফুলিলেই
তোমালৈ মনত নপৰি
পাৰেনে অৰুণিমা?
তুমি কুশলে আছা নহয় ।
🖋️ হেমেন হাজৰিকা
মিৰ্জা