অণুগল্প-অৰুচি~অংশুমান ভূঞা

Rinku Rajowar
0
ব্যক্তিগত প্ৰতিষ্ঠানটোৰ মালিকে আজি উৰুকাৰ বৰভোজৰ আয়োজন কৰিছে। খাই শেষ কৰিব নোৱৰাকৈ বিধে বিধে খাদ্য ৰন্ধা হৈছে। মালিকে সকলোকে যিমান মন যায় খাবলৈ আৰু আনন্দ কৰিবলৈ কৈ আছে। খোৱাৰ সমানে অপচয়ো কৰিছে। প্ৰতুলৰ সমুখৰ কাঁ‌হীখনতো ৰাজকীয় খাদ্য সম্ভাৰ পৰিৱেশন কৰা হ'ল। সি পিছে হাতেৰে লিৰিকি-বিদাৰিয়ে নোখোৱাকৈ উঠি গ'ল। একে মালিকজনেই কালি তাক বিহু বুলি অলপ টকা আৰু ছুটী বিচৰাত ভেকাহি মাৰি উঠিছিল।
      তাৰ দৰে কৰ্মচাৰীক এনে আপ্যায়ন আৰু আনন্দৰ সলনি যদি মালিকে দুটামান টকাৰে সৈতে বিহুৰ ছুটী মঞ্জুৰ কৰি ঘৰৰ মানুহৰ সৈতে সুখৰ এসাঁজ খোৱাৰ সুযোগকণ দিলেহেঁ‌তেন।

🖋️অংশুমান ভূঞা
      চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)