বহু দিনীয়া প্ৰস্তুতিৰ অন্তত তাই সোমাই পৰিল আজি সেই বিশেষ দিনটোত । গা ধুই আহি চকী খনত বহি তাই ভাৱনাত বুৰ গল। বিগত পাঁচটা বছৰে তাই এই দিনটোৰ বাবে বাট চাই ৰয়। কিমান যে প্ৰস্তুতি চলাই এই দিনটোৰ বাবে। আজিও তাৰ কোনো পক্ষপাতিত্ব নাই।সকলোবোৰ একে আছে মাত্ৰ সলনি এটা ঠাইতে আজি ৰিম ৰ সৈতে তাইৰ আপোন নয়নৰ মণি ৱিকি নাই।
পিছফালৰ পৰা অহা পূজা ৰ মাতত ঠন ঘূৰাই পালে তাই।
পূজা: অ বা আহ '' মা দেউতা ওলাল আৰু বৰমা বৰদেউতা ও আহিল।
ৰিম: হুম গৈছোঁ ৷ যা তই
সকলো বস্তু গাড়ীত সামৰি নামঘৰৰ দিশত ৰাওনা হ'ল সিহঁত গাল।।ৰিম আৰু মা পাপা মানে ৱিকি ৰ মাক দেউতাক এখন গাড়ীত অন্য এখনত পূজা আৰু মা দেউতা।
বাটৰ মনোৰম দৃশ্য দেখি তাই যেন উৰণীয়া পখী হৈ উৰা মাৰিলে অতীতলে। কিমান যে ভাল আছিল দিনবোৰ । তাই ৰ চকুত ভাঁহি গল কথাবোৰ-জুন মাহৰ ছয় তাৰিখ বুধবাৰ। নতুন এখন কলেজ লৈ বুলি ৰাওনা তাই। নতুন এযোৰ পোছাকেৰে খুব ধুনীয়া লাগিছে তাইক।
নতুন কলেজ হেতুকে বন্ধুবোৰো নতুন। চিনাকি হ'ল নতুন বন্ধু ৱিকি ৰ লগত সালসলনি হল নাম্বাৰৰ । আৰম্ভ হ'ল কথা বতৰাৰ আৰু এই কথা বতৰাই কেতিয়া প্রেমৰ ৰূপ ললে গমকে নাপালে। কিমান যে স্মৃতি আছে সিহঁতৰ মাজত বিশেষকৈ তাইৰ জন্মদিনৰ দিনা। তাইৰ জন্মদিনৰ দিনা সি তাইক এডোখৰ নুতুন ঠাইত ফুৰাব নিয়ে আৰু দুয়ো উপভোগ কৰে দিনটোৰ মাদকতা।এনেদৰে পাৰ হল সময় আৰু সিহঁতৰ সম্পৰ্ক হৈ পৰিল অধিক শক্তিশালী। ৪টা বছৰ পাৰ হৈ গৈছিল সিহঁতৰ প্ৰেমৰ দুলাডালৰ। জানুৱাৰী ৰ ৮ তাৰিখ নৱবৰ্ষৰ হেতুকে প্ৰগ্ৰেম উৰুকা সিহঁতৰ চহৰখনত । আজি এডোখৰ যদি কালি এডোখৰ মুঠতে প্ৰগ্ৰেম থাকিবই । গধুলি ঠিক ৬ মান বজাত ৱিকিয়ে ৰিম লৈ কল কৰিলে
ৱিকি: মৌ, মই প্ৰগ্ৰেম চাব যাওঁ ৰাজৰ লগত
ৰিম: বৰ ঠাণ্ডা চোন। আজি নালাগে দিয়া
ৱিকি:কিনো,,, সৰু পোৱালীৰ দৰে কথা কৈছা একো নহয়
ৰিম: ঠিক আছে কিন্তু সোনকালে আহিবা।
ৱিকি: ঠিক আছে মোৰ ৰাজৰাণী।
ৰিম:যোৱা তেন্তে সোনকালে।
ৱিকি: মৌ ,শুন না মই তহঁতৰ ঘৰৰ আগেদি যাম অলপ ওলাই আহিবি হা তোক চাম।
ৰিম: কাম নাই আৰু মই ওলাব নোৱাৰো তুমি যাবাগৈ।
কিন্তু ৰিমৰ কথাই কাম নিদিলে ৱিকিৰ কথা মতে তাই অলপ সময়ৰ বাবে ওলাই গ'ল পদূলিলৈ। পদূলিৰ মূৰত ১০ মিনিটৰ বাৰ্তালাপ, তাৰ পিছত ৰিম ভিতৰলৈ গ'ল আৰু ৱিকি প্ৰগ্ৰেমলৈ বুলি।
মোবাইল ফোনটো চাৰ্যত লগাই তাই পাকঘৰলৈ যাওঁতে আকৌ বাজি উঠিল মোবাইল টো ।ফোনটো ৰিচিভ কৰি সৰ্গ ভাগি পৰিল তাইৰ ওপৰত। ১০ মিনিটৰ দৰ্শন যে তাইৰ অন্তিম দেখা-দেখি হ'ব তাই ভবায়ে নাছিল।ড়সম্পূৰ্ণ পাগলী হৈ পৰিছিল ৱিকিৰ তেজেৰে লুতুৰী পুতুৰী মৃতদেহ দেখি। অলপ দিনৰ বাবে যেন তাই মানৱী ৰূপী কাঠৰ পুতলা হৈ পৰিছিল।কিন্তু লাহে লাহে অনুভৱ কৰিলে ৱিকিৰ হে কথাষাৰ- যি তাইৰ জন্মদিনত কৈছিল।
ৱিকি: মৌ ,মই নহলেও তই কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবি।।মই সদায় তোৰ মনৰ মাজত আছোঁ।
এই কথাষাৰ কোৱা পাছত যে কিমান কাজিয়া হৈছিলে দুয়োটাৰ মাজত কিয় এইবোৰ কথা কোৱা বুলি কিমান গালি দিছিল ৰিমে ৱিকিক।
কিন্তু আজি সেই কথাষাৰ বুকুত বান্ধিয়ে তাই ৯ মাহে মুখত হাঁহি এটা লৈ জীয়াই আছে।
মাকৰ এটা মাতত তাই আকৌ বাস্তৱ পালেহি-মৌ নামঘৰ পালোহি।ভিতৰলৈ সোমাই গল ৱিকিৰ জন্মদিন বুলি শৰাই আগবঢ়াবলৈ । আৰু বহুত কিবা কিবি আছে আজি দিনটোত কৰিবলৈ।।
বিদ্ৰ: অলপ প্ৰয়াস।
🖋️লিজা বেগম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ