কনকলতা~কবিতা-অলকেশ কাকতি

আজি যেন বৰঙাবাৰী কঁপি উঠিছে
দেশভক্তিৰ শ্লোগানেৰে আকাশ ৰজনজনাইছে,
বুকুত দুৰ্বাৰ সাহস আৰু আকাংক্ষা লৈ
কনকলতা জনীও আগবাঢ়ি আহিছে
আগবাঢ়িছে মৃত্যুবিজয়ী 
বৰঙাবাৰী গাঁৱৰ জীয়াৰী।।
আকাশলংঘী মূখৰ ধ্বনি
উন্মাদ ৰজা-প্ৰজা,শাসক-শোষকৰ দল
হতবাক ৰূপহী বালিকাৰ তাণ্ডব দেখি,
বৰঙাবাৰীৰ ধূলি-মাকতি লগা কনকলতা
এজনী চঞ্চলা ৰূপহী
স্বাধীনতাৰ বাবে তাইৰ যেন সদায় বলিয়ালি।।
নিদিওঁ দেশত দেশদ্ৰোহী থাকিবলৈ
নিদিওঁ মৰমক টকাৰে কিনিবলৈ,
বুকুত সাহস লৈ আমি আগবাঢ়িছো
গহপুৰ অভিমূখে।।
বন্দে মাতৰম !! বন্দে মাতৰম!
সীমাৰ পৰিধি ভাঙি হাতত ত্ৰিৰংগা পতাকা লৈ  আগবাঢ়ি গ'ল,
হঠাৎ শুনা গ'ল কাৰোবাৰ বিকট চিঞৰ
কনকলতা! কনকলতা!
আৰু এখোজো আগ নাবাঢ়িবা,
আগবাঢ়িলেই তোমাৰ প্ৰাণবায়ু কৰিম নাইকিয়া।।
লগে লগেই প্ৰত্যুত্তৰ
ঐ অপভ্ৰষ্টৰ দল!!
টকাৰে আমি নেদেখুৱাও দেশপ্ৰেম
অন্তৰৰ প্ৰতি টোপাল ৰক্তেৰে দিম
দেশক ভালপোৱাৰ উমান।

✍অলকেশ কাকতি 
নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send