মন যায় কাৰোবাৰ প্ৰেয়সী হ'বলৈ~কবিতা-ৰিতুপন গোস্বামী

©Admin
0
ডিক্সনেৰীৰ পাত লুটিয়াই লুটিয়াই বিচাৰিছিলোঁ,
তোমালৈ লিখিবলৈ ধুনীয়া ধুনীয়া শব্দ।
কি লিখিম, কি নিলিখিম ? 
একো বিচাৰি পোৱা নাই? 
এই যে মই এতিয়া উকা পৃষ্ঠা বোৰ পুৰাইছো।
তোমাৰ নামত কবিতা লিখিবলৈ বিচাৰিছোঁ।
কিন্তু একো মনলৈ অহা নাই।
হৃদয়ত পুহি ৰখা সপোনবোৰ,
তোমাক দেখুৱাবলৈ যত্ন কৰিছোঁ,
কিন্তু প্ৰকাশ কৰিব পৰা নাই।
মন যায় মাথোঁ,
তোমাৰ প্ৰেয়সী হবলৈ...।

✍ ৰিতুপন গোস্বামী, জয়পুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)