গভীৰ নিশা সপোনত দেখিলো মই
নীলা বেদনাৰে ভৰা
মোৰ জীৱনৰ ইন্দ্ৰপ্ৰস্হত
আহিছিলে তেওঁ দেৱদূত হৈ ।
হালি পৰা মোৰ জীৱন বৃক্ষ
আশ্বাসৰ সাৰ পানী দি
তুলিলে লহপহীয়া কৰি ।
পৰ্বত লঙ্ঘি সাগৰ নেওচি
উন্নতিৰ উচ্চ শিখৰ চুমি
তেওঁ মোক কৈছিল
আগুৱাই যাবলৈ বুলি
আগুৱাই যোৱাৰ কথা দিলো মই ।..
মোক ক'লে নিজৰাৰ দৰে চঞ্চলা বুলি
তেওঁৰ সাগৰ সম হৃদয়ত
ক'লে মোক যন্ত্ৰণা বোৰ উটুৱাবলৈ
শুনিছিলো মই মন্ত্ৰমুগ্ধ হৈ ।
মন গৈছিল মোৰ
তেওঁৰ সোঁৱৰণীৰ বাগিচাত
ভুমুকি মাৰি চাবলৈ
কোনোবা এটি কোণত
আছো নেকি মই সোমাই ।
পিছে ভয় লাগে মোৰ
তাতো যদি নাই মই ...
বুকুৰ ভিতৰত আলফুলে শুই থকা
মিঠা যন্ত্ৰণাবোৰে হয়তো
সাৰ পাব
প্ৰাপ্তি অপ্ৰাপ্তিৰ গভীৰ স্পন্দনত ।
সৰাপাতৰ বুকুত পৰা
বৃষ্টিৰ শব্দত
ভাঙি গ'ল নিশাৰ স্বপ্নটি
পুৱাৰ শেতেলীত বহি দেখিলো
স্বপ্নদ্ৰষ্টাৰ হাতত ধৰি সোমালহি
এচেৰেঙা আশাৰ ৰ'দ কাঁচিয়লি ।
✍নিজৰা বৰ্মন ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ