একাপ শীতল কফি,
এটা নিৰ্জন গধূলি,
মই আৰু মোৰ ছাঁ,
স্মৃতিৰ পাত লুটিয়াই
যেতিয়া ভটিয়াই যাওঁ;
এখন উঁৱলি যোৱা ডায়েৰীত
কেইখনমান উকা কাগজৰ টুকুৰা পাওঁ,
লিখিবলৈ বহু থাকে;
কিন্তু শব্দবোৰ যে আউল লাগে,
চকুপানীবোৰ যেতিয়া নৈশব্দত নিগৰে
বিবেকে বুজনি দিয়ে
সাঁচি থোৱা;
নিজৰ বুলিবলৈ আৰু কি আছে
খৰচ নকৰিবা
অন্তিম ক্ষণত সেইকণো নাপাবা।
আঙুলিৰ মূৰত গণা প্ৰতিটো কালধুমুহাই
বুকুৰ মঙহবোৰ চপৰা চপৰে খহাই।
কি শুদ্ধ কি ভূল বিচাৰ কৰি থাকোতেই
সপোনবোৰো আঁতৰি যায়
বেদনাৰ উল্কা কঢ়িয়াই।
অকলশৰীয়া জীৱনত
যেতিয়া নিজৰ ছাঁটোক প্ৰশ্ন কৰো,
তোৰ মৰমৰ বাবে
ভাগৰুৱা আত্মাক জীয়াই ৰাখিছোঁ,
তেতিয়া ভয় হয়
কাৰণ বেলি লহিয়ালে যে সিও
নাইকিয়া হয়।।
✍️মৃণাল কুমাৰ পাঠক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ