আইগৰাকী উঠা। সৌ খিৰিকীৰ কাষত আহি সূৰ্য দেৱতাই বেঙাটোৰ দৰে মুখ মেলি তোমালৈ চাই ৰৈ আছে। কালি যে অন্নমুঠিৰ আধাভাগ খায়েই মুখ বেকেটাই 'নাখাঁও' বুলি কৈ বাহিৰৰ ছোৱাপাটনিত পেলাই দিয়া কেইটাও ৰমলিয়াই থকা কা....কা.... কেইটাই আহি চফা দিলেহি। ৰহিমলা খুৰীয়ে ( কাষৰ ঘৰৰ) আৰ ঘৰৰ কথা তাৰ ঘৰত লগোৱাৰ চলেৰে পুৱাৰ চাহপানী টোপাৰ জুতিকণ ল'বলৈ গৈ কমেও তিনি চাৰি ঘৰত সোমালেগৈ। পিছে তোমাৰ চোন একো সাৰ সুৰেই নাই !! বিয়ালৈ আৰু কিমানদিন বাকী আছে কিবা খবৰ বাৰু আছেনে তোমাৰ??
শীতৰ পুৱা, তাতে কোমল কোৰিয়ান ব্লেংকেটৰ মাজত নিজকে মেৰিয়াই উৰাই-ঘূৰাই উম লৈ শুৱাৰ আমেজাই সুকীয়া, নহয় জানো!! ভনীয়েক মাজনীয়ে উপলুঙাৰ চলেৰে কোৱা কথাবোৰ মামণিৰ কাণত নপৰাকৈ থকা নাই। পিছে এইহেন হাড় কঁপোৱা ঠাণ্ডাত কম্বলৰ তলৰ পৰা ওলাই অহাটোৱেই মামণিৰ বাবে কষ্টকৰ। গতিকে ভনীয়েকৰ কথাবোৰ কাণত পৰিলেও ওলাই আহি তাইক এসেকনি দিবলৈ মন ন'গল বায়েকৰ, নুশুনাৰ ভাও ধৰিয়েই শুই থাকিলে। এনেও তাই ভীষণ এলেহুৱা স্বভাৱৰ। ঠাণ্ডা- গৰম কথা নাই হোষ্টেলত থকা কালছোৱা দিছপ'জেলেৰেই কাম চলাই দিয়া বিধৰ।
: ইস তইহে মোক এতিয়া মোৰ বিয়াৰ হিচাপ দিবি।
মুখৰ ভিতৰতে কথাষাৰ ভুৰ-ভুৰাই মামণি আকৌ বাগৰ সলাই ইকাটি হ'ল।
: তোমাৰ ছোৱালীক আৰু নোৱাৰিছোঁ দেই। যি কৰা কৰি থাকা।
পাকঘৰত পাচলি কাটি থকা মাকক চেৰেংকৈ কথাষাৰ ল'গাই তৎক্ষণাৎ শাকনি বাৰী পালেগৈ মাজনী। মাকে পাকঘৰৰ পৰায়েই টেঁটুফালিলে।
মিষ্টাৰ শইকীয়া আৰু শইকীয়ানীৰ দুজনী ছোৱালী। ডাঙৰজনী মামণি, পঢ়া শেষ কৰি ঘৰতে বহি থকা দেখি মাজু বৰদেউতাকে দৰা এটাকে বিচাৰিলে। ঘৰৰ পৰাও বোলে ছোৱালীক বিয়া দিয়াৰ দায়িত্ব এটা আছেই। যিহেতু এদিন নহয় এদিন এঘৰলৈ উলিয়াইটো দিবই লাগিব।গতিকে ভাল স্বভাৱ চৰিত্ৰৰ ল'ৰা এটা পালে আমাৰো আপত্তি নাই দিয়ক। কথা ম'তেই কাম। দৰাঘৰ আহি ছোৱালী চাই চিটি পছন্দ কৰিয়েই থৈ গ'ল। এইফালৰ পৰাও বোলে ল'ৰা টোক আমি ভালেই পাইছো। মাক দেউতাকো ভাল, উচ্চ শিক্ষিত, সৰু পৰিয়াল সুখী পৰিয়াল। গতিকে আৰু পলম নকৰি দিন বাৰ এটা চাই চিটি গুৱাপান-তামোল এযোৰ আগবঢ়াই মাঘতে বিয়াখন পতাৰ সিদ্ধান্তকে লৈ পেলালে।
মামণিতকৈ দুবছৰ সৰু মাজনী। তাইৰো এইবাৰ ডিগ্ৰী কমপ্লিট হ'ব। মামণিৰ দৰে তাই বাৰু এলেহুৱা নহয়। পাকতে কামবোৰ সৰকাই। পিছে মুখখন হে বৰ চোকা। বায়েকক দিহা পৰামৰ্শ দিয়াত ওস্তাদ যেন তাইৰহে বিয়া। এতিয়াৰ পৰায়েই বিয়াৰ সমস্ত দায়িত্বৰ হিচাপ বোলে তাই ৰাখিব। বিয়াত কাক কেনেকৈ মাতিব, কি কি খুৱাব, কি কি পিন্ধিব, বায়েকৰ লগত কি কি বস্তু দিব এই সকলোবোৰ চোৱা চিতা কৰাৰ দায়িত্ব বোলে তাইৰেই।
পুৱা ন মান বজাত মামণিয়ে শুৱাপাটী এৰি লেৰেককৈ উঠি আহিল। মাকৰ চকুলৈ চোৱা নাই, চকু পকাই ধৰিব যে। নিজেই কলগেটকণ ব্ৰাছত ল'গাই পিছফালে মুখ ধুলেগৈ।
: ইস কাইলৈ পৰহিলৈ বিয়া। বেলি দুপৰলৈকে শুই এতিয়া উঠিবলৈ হৈছেহে। বিয়নীয়ে যদি পিছত মোলৈ ফোন কৰি কথা শুনাই নহয়......
মাকে ভুৰ-ভুৰাই থাকিল।
পিছে জীয়েকৰ কাণত কিবা সোমালেহে!! বাইদেৱে দুয়োকানণত হেডফোন ল'গাই সংগীতৰ মায়াতে আৱদ্ধ।
: কি যে হ'ব এই ছোৱালীজনীৰ !!!
বায়েকক লৈ ভনীয়েকৰহে এতিয়া চিন্তা দুগুণে বাঢ়িবলৈ ধৰিছে।
অৱশেষত চকুৰ পলকতে দহটা দিনৰ অৱসান ঘটি সন্মুখত আহি আবিৰ্ভাৱ হ'লহি এক মাঘ। বিহু খাই বৈ তিনি-চাৰি মাঘত মামণিৰ বিয়া। ছোৱালীৰ লগত নিয়া মানধৰা কাপোৰৰ পৰা আৰম্ভ কৰি সৰু সুৰা খাচ খুঁচিয়া বস্তু কেইপদলৈকে বন্ধা-কুন্ধাৰ আৰম্ভ কৰিছে ঘৰৰ লগতে ওচৰৰ চুবুৰীয়া মহিলা সকলেও। মামণিৰ এইবোৰ একো দায়িত্ব জ্ঞানেই নাই। মৰমৰ ডাঙৰ জী বুলি বৰ আলফুলে ৰাখিলে সৰুৰে পৰাই। এতিয়া এখন ঘৰৰ দায়িত্ব কেনেকৈনো মূৰ পাতি লবগৈ বুলি ভাৱি মাকে মনতে দুখ প্ৰকাশ কৰিলে।
: হেৰি নহয়, তয়ো যাব পাৰচোন বায়েৰৰ ল'গতে। ছোৱালী থবলৈ আমি যামেই। আমাৰ লগতে গৈ কেইদিনমান থাকি আহিবি। বায়েৰে একো কাম বন কৰিব নাজানেই তই গৈ কেইদিনমান থাকি দিলে অন্ততঃ তাইৰ কিবা এটা সুবিধা হ'ব।
ওচৰৰ ৰহিমলা খুৰীয়ে কাপোৰ জাপি থকা মাজনীলৈ চাই কথাষাৰ ক'লে।
: অ'তো পাৰ আকৌ। কেইদিনমান গৈ তাইৰ ল'গতে থাকি দেগৈ। তাইয়ো অকণমান সাহস পাব। অচিনাকি পৰিবেশ এটাৰ ল'গত ইমান সহজে খাপ খোৱা বৰ এটা সহজ নহয়।
খুৰীয়েকৰ কাষতে বহি থকা বাইদেউ কেইগৰাকীয়েও হয়ভৰ দিলে।
: বুজিছে বাইদেউ পঠিয়াই দিয়ক। আপুনি চিন্তা নকৰিব আপোনালোকৰ লগতচোন আমি আছোৱেই।
ৰহিমলা খুৰীয়েকে মাকক ক'লে।
: কিন্তু এনেকৈ কেনেকৈ পঠিয়াও এইক? দৰাঘৰৰ মানুহে বা কথাটো কি ভাবি লয়?? তেওঁলোকে যদি আকৌ আপত্তি কৰে বা টান পায়.... কথাটো ভাল হ'ব জানো??
মাকে দিয়া প্ৰত্যুত্তৰত ৰহিমলা খুৰীয়ে আকৌ ক'লে।
: এটা কাম কৰক ফোন এটা কৰি সুধি লওঁক।
: এহ ৰহিমলা কথাটো বৰ এটা ঠিক ন'হব নেকি কি বুলিনো সুধিম......!!!
দৰাঘৰে আপত্তি কৰে বা অশান্তি পাই বুলি ভাবি মাজনীক মাকে বায়েকৰ ল'গত পঠিয়াবলৈ বৰ এটা ইচ্ছা নাছিল যদিও কাষৰ মানুহকেইগৰাকীৰ হেঁচাত উপাইবিহীন হৈ অৱশেষত ফোন কৰিলে মাকে।
: বিয়নীয়ে যে কি কথাবোৰ ভাবে!! কিয় বেয়া পাম বাৰু?? বায়েকৰ ঘৰত ভনীয়েক থাকিবলৈ আহিবই আকৌ। এতিয়াৰ পৰা এইখন আপোনাৰ ছোৱালীৰেই ঘৰ বুলি ধৰকচোন।
প্ৰত্যুত্তৰত এটা ধুনীয়া সঁহাৰি পাই অৱশেষত মাজনীও মামণিৰ লগতে গৈ কেইদিনমান থাকি বায়েকক হাতে কামে অলপ সহায় কৰি দিয়াটোৱেই সিদ্ধান্ত হ'ল। মাকেও ভাবিলে হওক তেওঁ আজলী জনীক কিবা এটাটো সহায় কৰি দিব পাৰিব এই। মুঠতে এতিয়া দৰাঘৰলৈ বুলি দুই বাই ভনী একেলগে যাব।
বিয়াঘৰ। এটা উদূলি-মূদুলি পৰিৱেশ। ন কইনাৰ সাজত মামণিক আজি সৰগৰ অপ্সৰা যেনেই দেখাইছে। ভনীয়েক পিছে একোব চৰা। এজনী যদি মেনকা আনজনী উৰ্বশী। অৱশেষত বেনপাৰ্টি বজাই, ফটকা ফুটাই, ৰঙা গোলাপেৰে সজোৱা গাড়ীত দৰা আহিল কইনা ঘৰলৈ বুলি। হোমৰগুৰিলৈ কইনাই লৈ আনি সম্পূৰ্ণ বিধি-বিধানেৰে বিয়াখন খুব সুন্দৰভাৱেই সম্পূৰ্ণ কৰা হ'ল। শেষত ন কইনা , ন দৰাই বয়োজ্যেষ্ঠ সকলৰ পৰা এজোলোকা আৰ্শীবাদ লৈ যাবলৈ প্ৰস্তুত হ'ল। মামণিৰ লগতে মাজনীও গুচি যোৱাত ঘৰখন একেবাৰে উৰুঙা উৰুঙা হৈ পৰিল। মিষ্টাৰ শইকীয়া আৰু শইকীয়ানীৰ বুকুখন উদং হৈ গল। এজাক বিষাদৰ বৰষুণে দুয়োকে তিয়াই থৈ গ'ল।
পুৱাৰ শীতল বতাহ। নতুন ঘৰ, নতুন পৰিৱেশ। চকা মকাকৈ সাৰ পালে মাজনীয়ে। কাষৰ ঘড়ীটোলৈ চালে। সাত বাজিলে।
: ইছ ৰাম আজি আকৌ মই ইমান দেৰিলৈকে শুই থাকিলোনে??
কালিৰ ভাগৰত মাজনীয়েও আজি দেৰিকৈয়ে সাৰ পালে।
: বা জনীও চাগৈ শুয়েই আছে। মিতিৰ-কুটুম আহিবই এতিয়া। ন-কইনা সোনকালে গা পা ধুই ৰেডি হ'ব লাগে। জগাই দিওঁগৈ এইক।
এইবুলি ভাৱি ভনীয়েক একে জাপে শুৱাপাটি এৰি বায়েকৰ ৰুমলৈ ঢাপলি মেলিলে।
অহ নাইচোন বায়েক!!! বিছনা পাতিও ভালকৈ পৰা আছে। ইমান সোনকালে উঠা বিধৰ তো নহয় তাই বাকী বিছনা পাতি পৰাৰ কথাটো বাৰু বাদেই। ঘৰত এখনো কাম নকৰা ছোৱালী জনীয়ে এইবোৰ ক'ত পাৰিবলৈ জানিব?? নিশ্চয় বেলেগ কাৰোবাৰ ৰুমতে কালি শুলে চাগৈ।
বায়েকক ৰুমত নেদেখি ইফালে সিফালে চাই তায়েই বাকী মানুহ সকলক চাহ অকণ দিবলৈ বুলি পাকঘৰলৈ পাক এটা মাৰেগৈ।
অহ কি দেখিছে এইয়া!! মুহূৰ্ততে ভনীয়েক জঠৰ হৈ গ'ল। দীঘলকৈ উৰণি টানি হাতত চাহৰ কেটলিটো লৈ কাপে কাপে চাহ বাকী আছে তাইৰ একো নজনা বুলি ভবা আজলী বায়েক মামণিয়ে। তলৰ পৰা ওপৰলৈ খন্তেক সময় ৰৈ চাই দুপদুপকৈ দৌৰি আহি হাতত মবাইলটো লৈ মাকলৈ ফোন লগাই।
জীয়েকৰ ফোন আহিব বুলি আশাৰে বাট চাই থকা মাকেও উধাতু খাই আহি ফোনটো ৰিচিভ কৰে। "অ' মা কি হ'ল জান " বুলি আৰম্ভ কৰি আদিৰ পৰা অন্তলৈকে বিৱৰি ক'লে সৰু জীয়েকে মাকক।
উস মাকৰ মনটো এতিয়াহে যেন পাতল লাগিছে। হওঁক তেওঁ জীয়েকে যে অথচ বুজি পালেগৈ দায়িত্ববোধৰ সাৰমৰ্ম।
: মানুহ পৰিস্থিতিৰ দাস অ'। এদিন সকলো সলনি হয়। তাইযে বুজি পাইছে সেইয়াই বহুত।
মাকে কথাখিনি মৌখিক ভাবে ব্যক্ত কৰিছে যদিও মনত যেন আকৌ কিবা এটা আৱেগে খুন্দা মাৰি ধৰিলেহি। যিজনী ছোৱালীয়ে বেলি দুপৰলৈকে শুই থাকে, মাকৰ আঁচলত সোমাই লুকা ভাকু খেলি থাকে সেইজনী ছোৱালীয়ে এতিয়া শহুৰ শাহুয়েৰৰ পৰা আৰম্ভ কৰি নিজৰ গিৰীয়েকৰো জাজ মাৰিব লগীয়া হৈছেগৈ। আগতে সোনকালে উঠ উঠ বুলি গালি সপনি পাৰি থকা ছোৱালীজনীক যেন আজি অকণমাম শুই ল, শুই ল বুলিহে ওচৰত গৈ ক'ব ঠিক তেনেকুৱা অনুভৱ হ'ল মাকৰ। উভৈনদী হৈ বৈ আহিল আজি মমতাৰ অশ্ৰুকণ।
এনেতে ৰূমটোলৈ মামণি সোমাই আহি ভনীয়েকৰ গাত হেঁচুকী মাৰি কয়
: সোনকালে মুখ ধুই আহ আকৌ। তোলৈ মই তই ভালপোৱা ৰুটি আৰু আমলেট বনাই থৈছো।
ভনীয়েকে কাণৰ পৰা মোবাইলটো থৈ ভেবা লাগি বায়েকলৈ চাই মনতে ভাবে
"কি ৰুটি আমলেট আজি বনাই থৈছে ঠিক নাই আৰু!!"
✍স্বস্তিকা শইকীয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ