কান্তি~কবিতা-মিনাক্ষী বৰ্মন

©Admin
0
উৱাদিহ পোৱা নাই, 
চাৰিওফালে মাথোঁ
আউসীৰ আৱেষ্টনী ৷
জীৱনৰ অগোচৰ বাটত 
অকটিয়াই - পকটিয়াই 
কান্তিৰ বাট বিচাৰি 
চলাথ কৰিছো ৷ 
এহাতে দালাল-মধ্যভোগীৰ
বিভূতি -বিলাসিতা ,
দুৰ্বলতাৰ ফলত 
নিৰীহ জনতাৰ 
মাজলৈ আনিছে কালিমা ৷ 
নিষ্প্রাপ জনতাৰ 
নিঃসংগ প্ৰত্যাহ্বান !!
অমানিশা মষিমূৰ কৰি
কান্তিৰ পোহৰ
দিগন্তব্যাপি হঁওক। 
লাস-বিলাসৰ পৰা 
    মুক্তিৰ কাম্যতাৰ 
সন্ধান বিচাৰি 
কান্তি যেন হৈ পৰিছে 
এতিয়া সকলোৰে কাম্য ৷ 

✍ মিনাক্ষী বৰ্মন 
 নলবাৰী 
 তৃতীয় ষান্মাষিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)