তেনেকৈ নাহাঁহিবাচোন,
তোমাৰ হাঁহিটোত যে সপোন জাগে।
এই হাঁহিটোতেই কম্পিত হৈ উঠে বাস্তৱৰ ভেটি;
জীৱন হৈ পৰে এখনি ৰোমাণ্টিক উপন্যাস।
তেনেকৈ নেচাবাচোন,
তোমাৰ চাঁৱনিয়ে খুঁচৰি দিব পাৰে আধা শুকোৱা ঘা টুকুৰা,
কাজলৰ নিখুঁত আখৰবোৰে পুনৰ মলিয়ন কৰিব পাৰে মোৰ উকা কেনভাছখন।
তেনেকৈ নেমাতিবাচোন,
পুনৰ পিছলিব পাৰো তোমাৰ আধাভঙা কণ্ঠত,
ৰিজাব পাৰো তোমাক কল্পনাৰ লগত।
পুনৰাই পৰি যাব পাৰো প্ৰেমত,
আধা-শুকোৱা ঘা টুকুৰাত লাগি যাব পাৰে গৰল।
✍️আকাশ দাস,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ