হোষ্টেল লাইফ~গল্প-চিন্ময় ডেকা

©Admin
0
হোষ্টেলত থকা এক নিবিড় অনুভূতি ব্যঙ্গাত্মক চিন্তা- ধাৰাৰ বহি:প্ৰকাশ ...

ঘৰৰ পৰা আজি প্ৰায় দু-মাহ
 হ'ল আই-টি-আই ক্ৰৰ্চিং কৰিবলৈ ওলাই অহা । 
ভিন্ন ধৰণৰ ন ন অভিজ্ঞতা,  দূৰ-দিগন্তৰ অস্পৃশ্য ঠাইৰ পৰা বন্ধুবর্গৰ লগত বন্ধুত্বৰ সম্পৰ্ক তথা এক অন্তৰংগ বহি:প্ৰকাশ দৃষ্টি-ভংগী ৰ মাজত সময় কটোৱাৰ এক আভ্যন্তৰীণ অনুভূতি।

সময়ৰ টিকনিবোৰৰ  মাজত হেৰাই যাওঁ, বন্ধুৰ হাস্যৰসিক গোপন বাৰ্তা-লাপৰ জৰিয়তে। ক'ত,কেতিয়া,কেনেকৈ?গ'মকেই নাপাওঁঁ! কি উচিত? কি অনুচিত?এয়াই হোষ্টেলৰ মজা নিবিড় বাহ্যিকতাৰ প্ৰতিচ্ছবি।

সমাজৰ প্ৰত্যেকটো স্তৰত, ইয়াৰ বাস্তৱিক নিদৰ্শন দেখিবলৈ পাওঁ।এই পৃথিৱী খনত কিন্তু অনুতপ্ত হ'লো, ইয়াৰ অংশীদাৰিত্ব লাভ কৰি।
 জীৱনত বহুতো নতুন নতুন অভিজ্ঞতাই গা কৰি উঠে, মোৰ এই জীৱনত।নেজানো আৰু কোন দিশে গৈছে মোৰ এই বাস্তৱিক জীৱন। সচাঁকৈ ভাবিলে "জীৱনটো" বৰ জটিল।

জ্ঞানৰ প্ৰসাৰ বহু নহ'লেওঁ, মনৰ মাজত জাগ্রত হৈ থাকে বহু  শুদ্ধ-অশুদ্ধৰ আলি-দোমোজাৰ বাট-কেকুৰীৰ ধৃষ্টতা। অনুতপ্ত হ'লো, কিন্তু!প্ৰকাশ কৰিব নোৱাৰোঁ বাস্তৱত সংগঠিত হোৱা কাৰ্য সমূহৰ ব্যাহিক প্ৰকাশ।

আহিছিলোঁ  ইয়ালৈ নতুনত্বৰ জ্ঞানৰ উজ্জ্বল জ্যোতিষ্ক বিচাৰি পাওঁ জানোঁছা!!কিবা সাদৃশ্যৰ নক্ষত্রৰ দৰে জিলিকি উঠিবলৈ।
কিন্তু মাথোঁ প্ৰচেষ্টা,মাথোঁ প্ৰচেষ্টা। হয়টো বিচাৰি পাম। এদিন তোমালোক, সকলোকে এতিয়া আপোনালোকৰ পৰা দূৰৈত থাকিব পাৰো, কিন্তু অন্তৰৰ পৰা ভাল পোৱাটো নাইকিয়া নহয় কেতিয়াওঁ।
জীৱনত কিবা এটা কৰিব লাগিলে " এটি অংশ জীৱনৰ পৰা হে প্রতিপন্ন কৰাটো অত্যন্তই অনৱদ্য"। সেয়ে হয়টো এতিয়া তোমালোক মোৰ পৰা বহু দূৰৈত। 


অভিজ্ঞতাৰ পৰাহে যথাযথ জ্ঞান বাঢ়ে, অৰ্থাৎ কষ্ট কৰিলে দুখ-দূৰদৰ্শাৰ মূল বুজে সময়ৰ টিকনিৰ জৰিয়তে।

✍ চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)