কৃষক হৈ কৃষক ধৰ্ম জলাঞ্জলি দি
কিয় কৰিলা উপদ্ৰৱ উৎপাত উন্মাদনা ?
আহিছিলা মহাত্মাৰ অহিংসা আদৰ্শৰে
নিজৰ অধিকাৰ অভ্যৰ্থিত কৰিবলৈ
পিচে অহিংসা আদৰ্শ পৰিহাৰ কৰি
কিয় গ্ৰহণ কৰিলা হিংসা নীতি ?
গণতন্ত্ৰ দিৱসৰ শুভক্ষণত
কিয় কৰিলা অগণতান্ত্ৰিক কাৰ্য্য ?
নিজ দেশৰ তিৰঙ্গাত
নিজ দেশৰ সন্মানত
নিজ দেশৰ আত্মাত
কিয় কৰিলা আসুৰিক আঘাত ?
এয়া জানো লালা বাহাদুৰ শাস্ত্ৰী য়ে সন্মান কৰি যোৱা
“জয় কিষান ”ৰ কাৰ্য্য হয়নে ?
✍মানিক পাল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ