মইয়ো সপোন দেখোঁ~কবিতা-পুতলী কোঁছ

©Admin
0

ময়ো সপোন দেখো
নীল আকাশৰ তলত
একে থৰ হৈ ।
 জনীৰ অন্ধকাৰৰ
পাৰ্থক্য নোহোৱাকৈ  , 
ভাবোঁ কি ইচাত - বিচাত 
ৰচো কি এপাত - দুপাত 
শুদ্ধতাৰ চামনি বান্ধিবলৈ  ।
    ময়ো সপোন দেখো
    উজ্বলতাৰ সুখ
    শুদ্ধতাৰ সুখ 
    ভৱিষ্যতৰ ৰং - ৰূপ
    হাঁহিৰ খিল্ মিল
    জিল্ মিল জিল্ মিল  ।
ময়ো সপোন দেখোঁ
আলোক সন্ধানী পথৰ
ৰৈ যাঁও উভতি চাঁও
অতীতৰ দিনবোৰ  ।
 
 ✍️ পুতলী কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)