ভোক~কবিতা-অমৰজ্যোতি সত্যপ্ৰিয়

©Admin
0

জুইয়ে দহে বুকু
তৰাং হয় ভৰষাৰ নদী , 
মাছৰোকা নাই
নাই , নাও আৰু নাৱৰীয়া
সাত সাগৰৰ পানীয়েও নুনুমাই
জুইয়ে দহা বুকু ।


পানীৰ সোঁতত দৰিকণা মাছবোৰে খেলে
ঢৌত উটে ,
ক্ৰমাৎ টঙীজালৰ ভোকটো উজাই আহে ,
ঢৌ আৰু মাছ একেলগে জালত পৰে ,
তিতাৰামে হাঁহে
হাঁহে তাৰ ল'ছালী হালে
নিশাৰ ভাতমুঠি মোকলাত তাৰ বুকু শাঁত পৰে ।


চৰুৰ তলৰ জুইকুৰা বঢ়াই
দালিমিয়ে পেটত গামোচা বান্ধে ,
ভাততকৈ পানী বেছি ৰান্ধে ,
শিল পৰিলেও ক্ষয় হোৱা পেটত
জুই হৈ ভোকটো বাঢ়ে , 
চকুৰপানীবোৰ চকুতে শুকাই
গোট মাৰি বৰফ হয় জীৱন ।


সিহঁতৰ পৃথিৱীত জোনটো জুই হৈ জ্বলে
আশাবোৰ জোনাকী পৰুৱা হয়
জ্বলি জ্বলি নুমাই , নুমাও নুমাওকৈ জ্বলে , তথাপি সিহঁত জীয়াই থাকে ,
মাথো
 জীৱনে জুই হৈ দঢ়ে ।

✍  অমৰ জ্যোতি সত্যপ্ৰিয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)