অজানিতে-কবিতা~ধোৰোম চুলা বড়ো

0
কিয় জানো
তোমালৈ মনত পৰিলে
উশাহবোৰ চুটি হৈ যায়
মনটোও অস্থিৰ হৈ উঠে

মইতো তোমাক চিনি পোৱা নাছিলোঁ
ভবাও নাছিলোঁ
তুমি বাহঁ লবা মোৰ হৃদয়ত
অজানিতে, মোক নজনোৱাকৈয়ে

আজিচোন তোমাক লগ পাই
বাঢ়িছে নোপোৱাৰ ভয়
অচিন বেজাৰত মোৰ হৃদয়

এৰোঁ নে ধৰোঁ মই বিপাঙত
তুমিতো মোক কথা দিয়া নাই 
আৰু মই, মইয়ো কথা দিয়া নাই 

কিন্তু কিয় আজি
বুকুৱে বাৰে বাৰে
তোমাৰে কথা কৈছে

নাভাবো ভাবিও
তোমাৰে নামৰ মনে 
গান গাইছে

🖋️ধোৰোম চুলা বড়ো

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)