চতুৰ আইতা- হাস্যৰস~বিষ্ণু পণ্ডিত

Rinku Rajowar
0
চহৰৰ সকলোতকৈ ডাঙৰ বেংকত এবাৰ এজনী বুঢ়ী গ'ল আৰু মেনেজাৰক ক'লে এইখন বেংকত মই অলপ টকা জমা কৰিম বুলি ভাবিছো ।মেনেজাৰ - কিমান টকা জমা কৰিব ?বুঢ়ী - এই ধৰক ১০ লাখ মান ।মেনেজাৰ - ৱাহ বৰ ভাল কথা , আপোনাৰ ওচৰত দেখোন বহুত টকা আছে, আপুনি কি কৰে ?বুঢ়ী - বিশেষ একো নকৰো, কেৱল বাজি লগাও ।মেনেজাৰ - বাজি লগাই আপুনি ইমান টকা জমা কৰিছে? আচৰিত ! বুঢ়ী - আচৰিত একো নাই বেটা মই এতিয়াই তোমাৰ লগত ২ লাখ টকাৰ বাজি লগাব পাৰো যে তুমি তোমাৰ চুলি খিনি নকলি লগাই থৈছা ।মেনেজাৰ - (হাঁহি হাঁহি) নহয় আইতা মোৰ চুলিখিনি আছলি।বুঢ়ী -তেতিয়াহ'লে বাজি লগাবলৈ ভয় কৰিছা কেলেই?
(মেনেজাৰে ভাবিলে বুঢ়ীজনী পাগল হৈ গৈছে মিছা-মিছি টকা কিটা পানীত পেলাব লৈছে যেতিয়া লাভটো উঠাই লওঁ মইতো জানোয়েই মোৰ চুলিখিনি আছলি। )
মেনেজাৰ - ঠিক আছে মই ৰাজি আছো ।বুঢ়ী - যিহেতু ২ লাখ টকাৰ কথা আছে গতিকে কালি ৰাতিপুৱা ১০ টা বজাত মই মোৰ উকিলক লগত লৈ আহিম আৰু তেওঁৰ ওছৰত হে চেক কৰিম ।মেনেজাৰ - ঠিক আছে তেতিয়াহ'লে কথা ফাইনেল ।ৰাতি মেনেজাৰৰ টোপনি নাহিল কেৱল ২ লাখ টকা আৰু বুঢ়ী জনীৰ কথা ভাবি থাকিল । পিছদিনা ৰাতিপুৱা ঠিক ১০ বজাত বুঢ়ী জনী উকিলৰ লগত মেনেজাৰৰ কেবিনলৈ গ'ল।বুঢ়ী - আপুনি সাঁজু আছেনে ?মেনেজাৰ - হয় সাঁজু আছো !বুঢ়ী - যিহেতু উকিলো আছে আৰু ২ লাখ টকাৰ কথা আছে গতিকে মই নিজে তোমাৰ চুলিখিনি টানি জোকাৰি চাব বিছাৰো চুলিখিনি আচল নে নকল !মেনেজাৰ - ঠিক আছে !বুঢ়ী জনী মেনেজাৰৰ ওচৰলৈ গ'ল আৰু চুলিখিনি টানিবলৈ ধৰিলে তাকে দেখি উকিলজনে ৱালত মূৰটো খুন্দিয়াবলৈ ধৰিলে ।মেনেজাৰ - তেঁওৰ কি হল?বুঢ়ী - একো নাই কালি তেঁওৰ লগত ১২ লাখ টকাৰ বাজি লগাইছিলো যে আজি ১০ টা বজাত চহৰৰ সকলোতকৈ ডাঙৰ বেংকৰ মেনেজাৰৰ চুলি টানি দেখুয়াম। সকলো বেংক কৰ্মচাৰীৰ সন্মুখত। যিহেতু মই মোৰ কাম কৰিলো। তেঁও হাৰিল গতিকে মই ১২ লাখ টকা জিকিলো আৰু তোমাৰ চুলি যিহেতু আছলি গতিকে মই ২ লাখ টকা হাৰিলো এতিয়া মোৰ হাতত থাকিল ১০ লাখ টকা সেই টকা খিনি জমা কৰি দিয়া !


🖋️বিষ্ণু পণ্ডিত 
বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)