সমস্যাৰ সমাধান কৰাটো অতি দৰকাৰ-প্ৰেৰণা~মানস প্ৰতীম মালী

Rinku Rajowar
0
মানুহে জীৱনটোত  নানান ধৰনৰ সমস্যাৰ সন্মুখীন হয় । কিন্তু কাৰোবাৰ জীৱনত সমস্যা আহিছে মানেই এইটো নহয় যে তেওঁৰ জীৱনটো শেষ হৈ গ'ল । সকলো সমস্যাৰেই সমাধান থাকে । কিন্তু তোমাৰ কিবা সমস্যা হৈছে বুলিয়েই তোমাৰ জীৱনটো শেষ বুলি ভবাটো ভুল । আজিকালি প্ৰায় মানুহেই আত্মহত্যাই কৰি আছে । কিন্তু কোনো এটা সমস্যাৰ সমাধান জানো আত্মহত্যা হব পাৰে ? যিমানেই ডাঙৰ সমস্যা নহওক কিয় , আত্মহত্যা কৰাৰ আগতে এইটো ভাবি চাব লাগে যে , তোমাৰ মৃত্যুৰ পাছত তোমাকলৈ  সপোন দেখা মানুহবোৰৰ কি হ'ব , তোমাক নিজতকৈও বেছি ভালপোৱা মানুহবোৰৰ অৱস্থা কি হ'ব । জীৱনটো হাঁহি ধেমালিৰে উপভোগ কৰা উচিত , আত্মহত্যা কৰি নিজকে শেষ কৰি দিলে তুমি দেখা সপোনবোৰৰ কি হ'ব । জীৱনটোত সমস্যাৰ সমাধান কৰিবই লাগিব । জীৱনটোত যিমানেই সমস্যাৰ সন্মুখীন হ'বা , সিমানেই নতুন নতুন কথা শিকিব পাৰিবা । এনে তোমাৰ লগত সুখৰ সমভাগি হবলৈ বহু মানুহ থাকিব পাৰে , কিন্তু তোমাৰ দুখ লগে যিকেইজন মানুহ তোমাৰ লগত থাকিব ,  সেইকেইজন মানুহে তোমাৰ নিজৰ । যদি আনে কৰা  ভুলৰ বাবে তুমি আত্মহত্যা কৰিব খুজিছা , তেন্তে এটা কথা মনত ৰাখিবা , যিজন মানুহে ভুল কৰিছে , তেওঁ শাস্তি পোৱাটো অতি দৰকাৰ , নহলে তেওঁ একেটা ভুল বাৰে 
বাৰে কৰিব । আনৰ ভুলৰ বাবে তুমি তোমাৰ জীৱনটো শেষ কৰাটো অনুচিত ।
এবাৰ বছৰ বছৰ ধৰি জেলত থকা মানুহবোৰৰ কথা ভাবি চাবাচোন , তেওঁলোকে বছৰ বছৰ ধৰি জেলত থকাৰ পাছতো ঘৰলৈ উভতি অহাৰ আশাৰেই জীয়াই থাকে । জীৱনটো এখন যুদ্ধক্ষেত্ৰৰ দৰেই । তুমি সৎ পথত থাকি নিজৰ কাম কৰি যোৱা । কেতিয়াবা কোনোবাই তোমাক ঠাট্টা কৰিব পাৰে , কৰিব দিয়া , তেওঁ তোমাক ঠাট্টা কৰিলে বুলিয়েই তুমি সৰু হৈ নোযোৱা । 
 আন কোনোবাই তোমাক গুৰুত্ব নিদিলে বুলিয়েই ,  এইটো নহয়যে তোমাৰ নিজৰ পৰিচয় নাই , তোমাৰ কামেই তোমাৰ পৰিচয় । 
কোনোদিনে মূল্যৰ আশা নকৰি সকলো কাম ভালকৈ কৰি যোৱা , নিজৰ জীৱনটো উপভোগ কৰা ।

✍️ মানস প্ৰতীম মালী । 
ঠিকনা :- বৰিহাট (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)