আকাংক্ষা~হিৰুমা শইকীয়া-চুটিগল্প


      এজন সুসাহিত্যিকৰ অনুৰাগী হৈ অজানিতে ভাল পোৱাৰ পাছত উচ্চশিক্ষিতা নমিতাই অজিত চলিহাৰ লগত অপ্ৰত্যাহিত ভাৱে বিয়াত মৌনতাৰে সন্মতি দিছিল।আপোনজনক পোৱাৰ আকাংক্ষাত মনত অলেখ সপোন লৈ নমিতাই ন-কইনাৰ ৰূপত স্বামীৰ গৃহত প্ৰৱেশ কৰিলে।
     এগৰাকী ন-বোৱাৰীৰ ব্যস্ততাময় দিনটো অতিবাহিত হোৱাৰ পাছত স্বাভাৱিকতে নমিতাই  স্বামীৰ মৰম আৰু সান্নিধ্য বিচাৰে।কিন্তু কেইদিনমানৰ পাছত নমিতাই উপলব্ধি কৰিলে-তাইৰ স্বামীৰ জীৱনটো অতি ব্যস্ততাৰে ভৰি থকা।অধ্যাপক অজিত চলিহাই কলেজৰ পৰা অহাৰ পাছত নিলিপ্তভাৱে কেৱল বাতৰি-কাকত, কিতাপ-পত্ৰ আৰু কবিতা ,উপন্যাস আদি  লিখি সময় অতিবাহিত কৰে।নমিতাৰ মনৰ খবৰ লবলৈ একেবাৰে আহৰি নোহোৱা হ'ল ।কেতিয়াবা তাই নিজকে প্ৰশ্ন  কৰে- " এয়া জানো প্ৰকৃততে সুখৰ জীৱন "?
      গহীন-গম্ভীৰ স্বভাৱৰ নমিতাৰ স্বামী অজিত চলিহাৰ সাহিত্য চৰ্চাত ব্যাঘাত হব বুলি আজি কালি তাই প্ৰায়  আতৰি থাকে।নমিতাই ভালদৰেই জানিছিল  তাইৰ স্বামী নিৰ্জনতাপ্ৰিয়,সেয়ে দিনৰ দিনটো তাই কামতে ব্যস্ত থাকে।কিন্তু বিয়াৰ ডেৰবছৰৰ পাছতো নমিতাই এগৰাকী পত্নী হিচাবে ঘৰৰ চাৰিবেৰৰ মাজতেই আৱদ্ধ।নমিতাই সন্তুষ্ট হোৱাকৈ আত্মকেন্দ্ৰিক স্বামীৰ পৰা মৰমৰ মাত এষাৰ পোৱাটো দুসাধ্য হৈ পৰিছিল।লাহে লাহে তাইৰ বন্ধু-বান্ধৱী, আত্মীয় স্বজনৰ সৈতে যোগাযোগ নোহোৱা হৈ পৰিল আৰু নিজৰ মানুহ বোৰ নহা
 হ'ল।কেইদিনমানৰ কাৰণে কৰবালৈ যোৱাৰ কথা ক'লেও নিজৰ কাম কাজত অগ্ৰাধিকাৰ দিয়ে আৰু নমিতাৰ কথাত গুৰুত্বই নিদিয়ে।
      কালক্ৰমত নমিতা হৈ পৰিছিল একেবাৰে অকলশৰীয়া।মনত অযুত চিন্তা ভাৱনাবোৰে দোলা দিবলৈ ধৰিলে আৰু গতানুগতিক জীৱনৰ প্ৰতি তাইৰ বিতৃষ্ণা জন্মিল ।নমিতাই অনুভৱ কৰে এক অবুজ বেদনা আৰু সীমাহীন বিৰক্তি।লাহে লাহে স্বামী অজিত চৌধুৰীৰ প্ৰতি তাইৰ বিৰাগ ওপজিল ।মনটো ক্ষোভেৰে ভৰি পৰিল আৰু দুচকুৱেদি চকুৰ লোতক বৈ আহিল । অৱশেষত নমিতাই বহু ভাবি চিন্তি নিজৰ মনটোক দৃঢ় কৰিলে।নিজকে ব্যস্ত আৰু আত্মনিৰ্ভৰশীল হোৱাৰ আশাৰে ঘৰৰ চাৰিবেৰৰ ঠেক গন্ডী  অতিক্ৰম কৰি অনাকাঙ্খিত ধুমুহাই ভাঙি পেলাব খোজা সংসাৰখনক ভালদৰে গঢ় দিবলৈ ওলাই আহিব -চাকৰিৰ অন্বেষণত।পুনৰ বৈচিত্ৰময় ব্যস্ততাপূৰ্ণ বাহ্যিক জগতখনলৈ ঘূৰি যাবলৈ সিদ্ধান্ত  ললে।

✍হিৰুমা শইকীয়া।
চাবুৱা,জিলা -ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send