সাঁকোৰ সিপাৰে-হেমেন হাজৰিকা

Rinku Rajowar
0


       ৰ'দৰ চিঠিখনত
    বৰষুণৰ মুকুতাৰে
    যে লিখিছিলা
    ঘৰচিৰিকাই তামোল কাটি
    বোকা মাটিত পিচলি
    ধুপুচ ধুপুচ পৰি বুলি ।
    
    তেতিয়াও
    কণিকাৰ ৰামধেনুত
    হাজাৰ বিজুলীয়ে
    জিলমিলাইছিল ।

   সাকোৰ সিপাৰে তুমি
   ইপাৰত মই
   চুই চাবৰ মন যায়
  পানীৰ বুৰবৰণি ।

   নিগনি এটাই
   সুৰঙ্গ খান্দিছে
   এইবাৰ বোলে সি
   জোনবাই দেশলৈ যাব ।


                     🖋️হেমেন হাজৰিকা
                               মিৰ্জা
                         কামৰূপ অসম
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)