ডিজিটেল পুতেক-কৌতুক

Rinku Rajowar
0


✍🏻লখন 

লকডাউনৰ পিছত কাষৰ বোৱাৰী এজনীয়ে ল'ৰাটোক অংক প্ৰশ্ন কৰিছে:- 

এটা খালত দুটা বগলী আছিল তাৰে লগত যদি আকৌ এটা আহে কেইটা বগলী থাকিব ?

বোৱাৰীৰ পুতেক:-মা, এইটো কিবা অংক হ'লনে! 
বোৱাৰী:- কিয় ! লকডাউন চলি থকাৰ বাবে যোগ অংক পাহৰিলি!

বোৱাৰী পুতেক:- নাই পাহৰা। দেউতা,তোৰে আৰু মোৰে সকলো হিচাপ আছে।
বোৱাৰী:- বাপেৰ, তোৰে মোৰে কি হিচাপ পালি!

বোৱাৰী পুতেক:- এই যে আগত দেউতাই চিংগল আছিল । দেউতাই তোৰে প্ৰেমত পৰি বিয়া পাতিলে । তাৰ পিছত দুটা হলি । তাৰ পিছত এইবাৰ তোৰ গৰ্ভৰ পৰা মই ওলাই আহিলোঁ।
এতিয়া নিজেই যোগ কৰচোন কেইটা হ'ল ! আকৌ যদি বঢ়াব খোজ বগলী এটা আহিব নিদিবি ! তিনিটাই ভাল। কাৰণ সৰুতে এল পি স্কুলত পঢ়া কবিতাটো আজি সঁচাকৈয়ে বাস্তৱ ৰূপ পালে মা।

:- শগুণে খোৱা , এফাল মূৰ খোৱা । লকডাউনত তিনি আলিৰ চুকত আড্ডা মাৰি মাৰি এয়া শিক্ষা লৈছ নে ? তই নো কি কবিতা পঢ়িলি ! তই কি এতিয়া এল পি স্কুলত নপঢ়ি JEE , ITI কলেজ পঢ়ি আছা বুলি ভাবিছ । এতিয়াও তৃতীয় শ্ৰেণীটোকে পাছ কৰিব পৰা নাই । বৰ বৰ লেকচাৰ মাৰিছে !

:-  কিয় , 
                 এটা খালত দুটি হাহে 
                  কথা পাতে কাণে কাণে
                 তাৰে লগত এটি আহিল
                 লগ লাগিল মনে মনে
                 দুইয়ে একে তিনি হল
                  তাকে কয় যোগ হল।
     
এইটো কবিতা নাছিল জানোঁ ? আজি কালি সৰু ল'ৰা বুলি জধলা বুলি নেভাবিবি অ' মা। আগৰ তহঁতৰ  দিন গ'ল । এতিয়া দিন আমাৰ। তই জাননে কৌন বনেগা কৰৌপটিত কৌটিল্য চমক। তাতচোন তোৰে আৰু দেউতাৰ লেখিয়া দৰে বহুতে অংশ লৈছে। ক'তা কোনেওচোন কৰৌপটি হ'ব পৰা নাই । তাৰ পিছত আমাৰ লেখিয়া লৰা এটাই মানে কৌটিল্য য়ে জানো কৰৌপটি হ'ব পৰা নাছিল!

               পুতেকৰ কথা শুনি বোৱাৰীয়ে মনৰ মাজতে ভোৰভোৰাই উঠিল। হে প্ৰভু, কি যে দিন কাল ! ৰক্ষা কৰা প্ৰভু! এই ল'ৰাটোৱে মোৰ বিষয়ে কি নেজানে! ইফালে বাপেকটোৱে ছোৱালী সন্তান বিছাৰি আছে আৰু অপকটীয়া ল'ৰাটোৱে কবিতাটোৰ সপোন দেখিছে ।  বাপেকৰ সপোন পূৰণ নহওঁতে পুতেকৰ সপোন পূৰণ হ'ল। হে হেৰি, এয়াই নেকি মোৰ ডিজিটেল পুত্ৰ একো লাজ চৰম নাই।

বোৱাৰী:- মুখত যি আহে বেছি পেক- পেকাই নেথাকিবি। একে চৰত দাঁত দুপাৰি ওলিয়াই দিম চাল্লা।      ফলিত লিখি দিছোঁ। ৭ ৰে ২৮ হৰণ কৰ। কেইবাৰ যাব?
   - ধমকৰ সুৰতেই ক'লে।
বোৱাৰী পুতেক:- ১৩ বাৰ যাব।

বোৱাৰী :- কেনেকৈ ফলিত লিখি দেখা।

বোৱাৰী পুতেক:- ৭ | ২৮| ১৩
                                ২৮
                                ------
                                  ০
উত্তৰ:- ১৩

                  পুতেকৰ অংক দেখি চকু কপালত উঠিল।
বোৱাৰী :- ১৩ কেনেকৈ পালি! ১৩ হব ই নোৱাৰে।

বোৱাৰী পুতেক:-    ১ ৩
                              × ৭
                              -------
                               ২১
                                 ৭
                               -----
                                ২৮
  গতিকে ১৩ হব মা। ৭ ৰে ২৮ ক হৰণ কৰিলে ১৩ পাম।

              বোৱাৰীৰ আকৌ চকু কপালত উঠিল।
:- নাই হোৱা নাই। ১৩ কোনোপধ্যে হ'ব নোৱাৰে। ১৩ সাতটা যোগ কৰ যদি যোগ কৰি ২৮ হয় । তেতিয়া  অংকটো শুদ্ধ হৈছে বুলি ভাবিম।

বোৱাৰী পুতেক:-      
                            ১৩
                            ১৩
                            ১৩
                            ১৩
                            ১৩
                            ১৩
                            ১৩
                          ---------
                            ২৮
১৩ টা যোগ কৰিলেও ২৮ এ হয়। এতিয়া শুদ্ধনে মা!

বোৱাৰী:- ১৩ সাতটা যোগ কৰিলে ২৮ হয় নেকি?

বোৱাৰী পুতেক:- অ টো ২৮ হয়। চা, ৩ টা সাত আছে  গতিকে তিনিটা সাত যোগ কৰিলে ২১ পাম।

বোৱাৰী:- শুদ্ধ কথা । হৈছে। তাৰ পিছত।
বোৱাৰী পুতেক:- ২১ পোৱাৰ পিছত বাকী থাকিল সাতটা ১।  সাতটা ১ যোগ কৰাত ৭ পালোঁ। গতিকে যোগৰ নিয়ম যিহেতু ২১ ৰ লগত ৭ যোগ কৰি দিলোঁ
  এতিয়া আমি ২৮ পাম। গতিকে ২১+৭=২৮ হ'ব।

            সাধাৰণ হৰণ অংক পুতেকৰ উত্তৰটো দেখি বোৱাৰী  মূৰটোৱে কাম নকৰা হৈছে। মানে বোৱাৰী মূৰটোৱে এতিয়া ৭×৪= ? (পাহৰিছে) । তাৰ ঠাইত লাওখোলাৰ টেমাত ৭×১৩=২৮ অংকটো ঘূৰি আছে ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)