নৱ প্ৰজন্ম আৰু মোৰ অনুভৱ সপক্ষে~নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
মোৰ অনুভৱে ঢুকি পোৱাৰ অভিজ্ঞতাৰ জৰিয়তে ক'ব বিচাৰিছো যে শিশুৰ মন এপাহ ফুলৰ দৰে ।  ফুল পাহ আলফুলে ৰখাৰ নিচিনা প্ৰথমতে শিশুক আঘাট নোপোৱাকৈ আলফুলে ৰাখিব লাগিব । কোনো নেতিবাচক চিন্তা মনলৈ আনিব দিব নালাগে । তেওঁলোকে নিজৰ  চিন্তা শক্তিৰে কাম কৰিব নোৱাৰালৈকে চকুৰ আগতে ৰাখিব লাগে ।  তেওঁলোকক বাহ্যিক জগত খনৰ লগত চিনাকি কৰাই দিব লাগিব । 
      আজি কালি বহুতো অভিভাৱকে সন্তানক কেৱল মাত্ৰ পঢ়াত মন দিবলৈ শিকাই থাকে । নম্বৰৰ পিছত বহুতে দৌৰি ফুৰে । ঘৰৰ প্ৰত্যেকজন সদস্যৰ লগত  সহযোগিতা আগবঢ়াবলৈ শিকাব লাগে । কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে অভিভাৱকে পৰীক্ষাৰ অজুহাত দেখুৱাই ঘৰৰ বা বাহিৰা মানুহৰ লগত চলা- ফুৰা কৰাত বাধা দিয়ে । আনহাতে সমাজত প্ৰচলিত পৰম্পৰা যেনে - বিহু ,দৌল ,পূজা-পাৰ্বণৰ, মহোহো, মাঘৰ বিহুৰ ভেলা ঘৰ/ভেলা পুজি আদিত যোগদান কৰিবলৈ নিদিয়ে । আৰু তেনে অভিভাৱক সকলে সামাজিক পৰম্পৰাগত নীতি-নিয়মৰ বিষয়ে সন্তানক অৱগত কৰিবলৈ কুণ্ঠাবোধ কৰে । ফলত সমাজৰ পৰম্পৰাসমূহ লুপ্তপ্ৰায় হ'বলৈ ওলাইছে । মোৰ বোধেৰে সামাজিক প্ৰতিটো পৰম্পৰাগত উৎসৱ-অনুষ্ঠানৰ লগত জড়িত হ'ব লাগে । মই এইটো কথাক গৌৰৱৰ কথা বুলি নাভাবো যে মোৰ ল'ৰাই আজিলৈকে গাঁৱৰ কোনো উৎসৱলৈ যোৱা নাই , কোনো মানুহৰ ঘৰলৈ যোৱা নাই ইত্যাদি । কাৰণ তেনে ধৰণৰ স্বভাৱৰ ফলত হয়তো সন্তান আত্মকেন্দ্ৰিক হ'ব পাৰে । মোৰ অনুভৱ সন্তানক পঢ়াৰ লগে লগে সৃজনশীল শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে । সৃজনাত্মক শিক্ষাই নতুনত্ব , মৌলিকতা , ক্ষমতা প্ৰভাৱ আৰু স্থিতি শক্তিৰ জ্ঞান দিয়ে । গতিকে অভিভাৱকে সন্তানক কেৱল মাত্ৰ পঢ়াত মনোনিৱেশ নকৰি সন্তানৰ কোন দিশত সৃজনশীল ক্ষমতা আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যোৱাত সহায় কৰিব লাগে । 
সন্তানৰ ৰুচি আৰু স্পৃহাৰ প্ৰতি দৃষ্টি ৰাখি নিজে নিজে চিন্তা -ভাৱনা কৰি আত্ম প্ৰকাশ কৰিবলৈ সুবিধা দিব লাগে । তেতিয়াহে সন্তানে স্বত:স্ফুৰ্তভাৱে নিজ প্ৰতিভা অনুযায়ী আত্ম প্ৰকাশ কৰিব পাৰিব । মূৰ্ত আৰু ধাৰণাৰ ওপৰত বৰ্ণনা মূলক ভাৱে যাতে নিজে নিজে আত্ম প্ৰকাশ কৰাৰ শুদ্ধ কৌশল আহৰণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে । তেতিয়াহে নৱ প্ৰজন্মৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব। অকল নৱ প্ৰজন্মক দোষ দিলেই নহ'ব। তেওঁলোকক পৰিচালনা কৰা পদ্ধতি শুদ্ধ হ'ব লাগিব । বৰ্তমান ডিজিটেল মাধ্যমৰ যুগ । ইয়াত ভাল বেয়া দুয়োটা দিশ থাকে আৰু তেওঁলোকে যাতে ভাল দিশটো আকোঁৱালি ল'বলৈ সক্ষম হয় তাৰ প্ৰতিও গুৰুত্ব দিয়া উচিত । 
 মুঠৰ ওপৰত  নৱ প্ৰজন্মৰ পৰা ভৱিষ্যতে ভাল ফল পাবলৈ হ'লে ডাঙৰৰ ভূমিকা থাকিব লাগিব ।


✍🏻 নিজৰা বৰ্মন ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)