কবিতা~শুকান পথাৰ-হেমেন হাজৰিকা

©Admin
0
    ন-- ভাতসাজ খাই
    ৰামসিং যাদৱে
    হুমুনিয়া কাঢ়িলে   ।

   এইবাৰ কাতিতে
   টেকেলি কাতি
   হ'ব কিজানি  !

  মাকজনীৰ পেটৰ বিষটো 
  উক দি থাকিলেও 
  অহাবাৰলৈকে
  বাকীত থাকিল  ।

   নৰাখিনি ভিজিলে
   পথাৰখনত
   পাক এটা মাৰিব ৰামসিঙে ।

    মামৰে নধৰা নাঙলখন
    এইবাৰ শানত দিব
    কাৰণ অহাবাৰ
    মাকৰ পেটৰ বিষটো 
    কমাব লাগিব   ।

      ✍হেমেন  হাজৰিকা
           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)