প্ৰেমৰ সুৰীয়া নৈ~কবিতা-টিনামণি বড়া

আকাশে কাণে কাণে কৈ গ'ল 
প্ৰেমৰ বতৰা 
সদ্যস্নাতা জোনালীৰ 
ৰূপোৱালী ওৰণি তলৰ 
হাঁহিৰ  ঠিকনা

তুমি নদী হোৱা চোন...
মৰমৰ সোঁত হৈ বৈ যাম 
জিক মিক বালি চৰত কঁহুৱা হৈ 
শকুন্তলাৰ দৰে বাট চাম ।

✍টিনামণি বড়া

Post a Comment

Previous Post Next Post