গণতন্ত্ৰ~কবিতা-মানিক পাল

গণতন্ত্ৰৰ আলেঙে আলেঙে 
লহপহকৈ গজি উঠিছে অগণতান্ত্ৰিক বীজবোৰ ।
ওৰণিৰ আঁৰত কান্দিছে গণতন্ত্ৰ 
সাম্প্ৰদায়িক সম্প্ৰতি সংৰচনাবোৰ দেখি 
জীৱ শ্ৰেষ্ঠ মানৱৰ নৈতিকতাৰ নি-পতনবোৰ দেখি 
লিঙ্গ, জাতি, বৰ্ণ, ধৰ্মৰ বৈষম্যৰ বিভীষিকাবোৰ দেখি 
অন্যায় অবিচাৰ অৱমাননাৰ অস্থিৰতাবোৰ দেখি 
হিংসাৰ জুইত নিৰীহ জনতাৰ চিতাবোৰ দেখি ।

গণতন্ত্ৰ আজি উচুপিছে 
ডাঙৰ ডাঙৰ অট্টালিকাৰ কাষতে থকা 
সৰু সৰু জুপুৰি ঘৰবোৰ দেখি 
ব্যস্ত নগৰ মহানগৰৰ ফুটপাথ ৰঙীণ কৰা 
নশ্বৰ নাজল-নাথল প্লাষ্টিকৰ পঁজাবোৰ দেখি 
ডাঙৰ ডাঙৰ ৰে'লৱে প্লেটফৰ্মৰ কাষতে থকা 
নশ্বৰ নাজল-নাথল জুপুৰি ঘৰবোৰ দেখি 
ডাঙৰ ডাঙৰ ৰেস্তোৰাঁৰ আগত বহি থকা
ভোকাতুৰ ভিক্ষাৰীৰ আৰ্তনাদবোৰ দেখি ।

তথাপিও আজি এই পবিত্ৰ দিৱসত 
আশাৰ আকাশখনে সপোন দেখে 
জাতীয় পতাকাৰ 
ত্যাগ আৰু সাহসৰ গেৰুৱা সুবাসে 
ঘূৰাই আনিব প্ৰকৃত প্ৰজাতন্ত্ৰ 
সত্য আৰু শান্তিৰ শুকুলা বতাহজাকে 
কঢ়িয়াই আনিব অনৈক্যৰ মাজত ঐক্যৰ বোল
বিশ্বাস আৰু সৌন্দৰ্য্যৰ সেউজীয়া সপ্তদ্বীপাত 
পুনৰ গজিব শান্তি সম্প্ৰীতি সমতা সমানতাৰ নতুন বীজ  ।

✍মানিক পাল 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send