তোমাৰ এক অনুভৱ-কবিতা~কংকনা ডেকা

কিয়নো সৌ সিদিনাৰ সেই মধুৰ ক্ষনটি

দুখন হৃদয়ৰ আকুল শীতল বতাহজাক,

প্ৰাপ্তি অপ্ৰাপ্তিৰ কিছু কথা,
               
                   
সেই ক্ষনৰ আশা প্ৰত্যাশাৰ এটি মূহুৰ্ত ,
                    
কেৱল অনুভৱেৰে হে ব্যক্ত কৰিব পাৰি।
         অনুভৱৰ এই দলিচাখনত ভাগৰি পৰো;
     স্মৃতিবোৰে বাৰে বাৰে আমনি কৰে,
            কষ্ট হয় জানা বাস্তবতাক স্বীকাৰ কৰিবলৈ,,,
            
আমনি কৰে  শৈশৱৰ সেই ক্ষনবোৰে দেখা দিয়ে
  কেতিয়াবা স্মৃতি হৈ আৰু কেতিয়াবা অনুভৱ হৈ।।।


🖋️কংকনা ডেকা
কামৰূপ মহাবিদ্যালয় ,চামতা
তৃতীয় ষাম্নাসিক (ৰাজনীতি বিজ্ঞান বিভাগ)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send