আকৌ এবাৰ সাজিব খুজিছিলোঁ
কল্পনাৰ কাঠি-কামিৰে
স্বপ্নৰ বালিঘৰ,
এটি দুটি হাজাৰটা বালি
আৰু অলেখ আশা,
পেণ্ডুলামৰ কাঁটাডাল ঘূৰিছে,
টিক্ টিক্ টিক্,
এটাৰ ওপৰত এটাকৈ বালিকণা
কল্পনাৰ ৰহণেৰে
খচিত কৰিছোঁ ভালপোৱাবোৰ।
ঠেৰেঙা শীতৰ নৈখনত এটি ভৰি
আৰু আনটো বৰফাবৃত শিথিল বালিচৰত
আঁজুৰি আনিছোঁ
নৈখনৰ বুকুৰ বালিবোৰ, এটা এটাকৈ.....
আৰু, নৈৰ খহনীয়া বুকুৰ
হেঁপাহৰ বালিকণাৰে সাজিছো
নৈখনৰ বাস্তৱৰ মৰিশালি
আৰু, মোৰ স্বপ্নৰ কল্পনাৰ কাঠি-কামিৰে
সজা বালিঘৰ.....।।
✍️ প্ৰজ্ঞা দেৱী ভূঞা
শিৱসাগৰ