কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই আঁকি দিয়া হ'লেও
তোমাৰ ছবি
তুমি বুজি নাপালাহেঁতেন !
দুচকুত আঁকি কি লাভ ?
তোমাৰ ঘৰ বিচাৰি
হৃদয়ৰ দুৱাৰ দলিত
ৰৈ আছিলোঁ !
মোক দৰিদ্ৰ বাবে
তোমাৰ হৃদয়ত ঠাই নিদিলা !
হৃদয়খন কঠিন শিল হ'বলৈ নিদিবাচোন ?
তুমিতো দাপোণৰ গৃহত নথকা
চাওঁ বুলিয়েই চাবলৈ ।
আমিবোৰ আছোঁ বাবে
আজিৰ গাভৰুবোৰ মৰি যোৱা নাই প্ৰেমহীনতাত !
✍চন্দন দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ