অশ্ৰু-দিপালী তচা

তিনিটা বসন্ত পাৰ কৰিলোঁ
মোৰ ঘৰৰ পদুলিত তেওঁৰ অপেক্ষাত,
চোতালৰ সেউজীয়া ঘাঁহবোৰ 
শুকাই গৈ আকৌ সেউজীয়া হয়।
শৰতৰ নিশাৰ শুভ্ৰ শেৱালীজোপাও
ফুলি আকৌ সৰি লঠঙা হয়,
তথাপি আগমন নাই তেওঁৰ
মোৰ চকুৰ অশ্ৰুটোপালবোৰ
 তাৰে প্ৰমাণ ।
তেওঁ উভতি নাহিল
হয়তো কোনোদিন নাহে ,
স্বৰ্গীয় শান্তি লভিলে
তেওঁ আঁতৰি গ'ল , চিৰদিনৰ বাবে, চিৰবিদায় মাগিলে।
মোক আৰু সকলোকে
দি গ'ল মাথোঁ একাজলি অশ্ৰু,
মোৰ মনৰ হাজাৰটা গোপন ৰহস্য লৈ
মোক অকলশৰীয়া কৈ এৰি গ'ল ।
তথাপি আজীৱন অপেক্ষাত ম‌ই মোৰ মাৰ 
তেওঁ এদিন আকৌ উভতিব শিশু হৈ মোৰ কোলাত ।।
           
✍️দিপালী তচা
গহপুৰ ‌

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send