নৱবর্ষক সুঁৱৰি-চিন্ময় ডেকা

©Admin
0
সেমেকা আঘোণ- পুহ,মাঘৰ
শীতৰ মাদকতাৰ মাজত প্ৰভাতী সন্ধিয়াৰ
জুই-কুৰাৰ লেলিহান শিখাৰ দপ্- দপ্ -নি


লগত আবতৰীয়া উৎকণ্ঠা বিহুৰ উদগনি
লগতে বৰদিনৰ শুভাশিস স্বৰ-প্ৰতিধ্বনি 
নিৰব-নিতাল নিস্তবদ্ধতাৰ মাজত অনাবিল সুখৰ প্ৰতিচ্ছবি 

নৱবৰ্ষলৈ, বুলি উদ্ঘ্ন হৈ ৰৈ' আছোঁ 
সুখৰ সংজ্ঞা বিছাৰি 
প্ৰত্যেকটো ক্ষনত পল-পল 
ৰচিছোঁ যান সোনোৱালী সপোনৰ ভবিষ্যতৰ বাকৰি ।।

নিৰৱে ব্যাকুল হৈ পৰিছোঁ, সোন
মোৰ আলসুৱা- হাতে কহুঁৱাৰ বিন-বিৰিণাৰ পাতৰ
কোমল হৃদয়ৰ সৌন্দৰ্যতা বিছাৰি
পামনে?_ বাৰু এই নৱবর্ষৰ, স্মৃতিক সুৱঁৰি ।।

✍️চিন্ময় ডেকা
ওডালগুৰি, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)