চয়তান-বাণীকান্ত লহকৰ

©Admin
0
অজ্ঞানতা ভুতৰ তুলনাত
চয়তানবোৰ বহুত চতুৰ
বেচেৰা শান্ত খেতিয়কজন
এদেও দুদেও কৈ নি
পশুত পৰিণত কৰিছিল
একমাত্ৰ চয়তানৰ বাবে

চয়তানৰ সংগী কুবুদ্ধি
কোনেও ধৰিব নোৱাৰে
বহু পৰিকল্পিত আচনি
চুচি মাজি ৰখা

চয়তানে কাকো নেৰে
নিজৰ লাওখোলা নিজে চোৱাই
চিনি নেপায় একো
নিজৰ চিতাত নিজে উঠে

আঙুলি মূৰত গণি
হিচাপ কৰে মাথোঁ
কাক অবনমিত কৰে
কৌশল গত ভাৱে

চয়তানবোৰ চিনিব নোৱাৰি
সকলোতে সোমাই থাকে
ঘৰত, সমাজত, পথাৰত
ৰাজনীতিত,সংস্কৃতিত, সাহিত্যত

চয়তানৰ চিকাৰ হ'লে
চয়তান এবাৰ মৰে
আৰু জনম লয়
বাৰ বাৰ মৰি ওপজে 

চয়তান চিনি পালে
সতকাই ধৰিব নোৱাৰে
আনকো চিনাকি কৰি
সতৰ্ক কৰা ভাল 

কেতিয়াও চেলু নিদিলে
সংগত আহিব নিদিলে
চয়তানে লম্ভিব নোৱাৰে ।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)