সহিষ্ণুতা-ৰূপা শইকীয়া

Rinku Rajowar
0

বিভিন্ন মাধ্যমৰ  শিৰোনামা
ভয়ংকৰ পৃষ্ঠা
কলিজাভেদি ওলাই হুমুনিয়াহ

সকলো জবাবদিহি মুৰত লৈ
ৰাস্তাৰ পাথৰৰ মাজত নতুবা
শীত তাপ নিয়ন্ত্ৰিত কোঠাত
তাইৰ নিৰলস সংগ্ৰাম

সংসাৰৰ প্ৰতিটো  মুহূৰ্তৰ
ক'লাজ প্ৰস্তুত কৰিব পৰাকৈ
তাই সষ্টম দেহ-মন

কৰ্মস্থলী ;  বাছ আস্থান
নাইবা চাহৰ দোকানৰ
ভাললগা অনুভূতি 
আকৌ কেতিয়াবা কাৰোবাৰ
অসংযত - প্ৰছন্ন নিন্দা
কঢ়িয়াব পৰাকৈ
অস্তিমিত বেলিৰ পোহৰত
তাই নিজকে জুকিয়াই লয়

তাই হৃদয়ত  হেনো আছে
বিশাল সহিষ্ণুতা ।

🖋️ৰূপা শইকীয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)