ধোঁৱাৰ লগত মেঘৰ সহোদৰ হৈ,
বিবৰ্ণ,কাঠমুৱা এটি চিত্ পখিলাৰ শাহ এৰি গ'ল..
দি গ'ল চিৰালফটা আমঠুৰ ৰক্তহীন উত্তাপ |
আজি যে সেই ক্ষণ অতীত,
শেলুৱৈ ধৰা বিজয় তলোৱাৰ|
এমোন ধান আৰু এজাপ চিঠি!
ধান বনাই শুকোৱাই থৈছো..
চিঠি জাপ প্রত্যেক নিশা
ফোপোলা আকাশখনক সাক্ষী কৰি আলেঙে আলেঙে চাঁও,
জোনোচা উন্মাদ বুকুৰ বিষ কম হয়|
চলাও ব্যৰ্থ প্রচেষ্টা স্থিৰ হোৱাৰ!
অহেতুক অধ্যায়ৰ বৰ্ণহীন তুষাৰ,
আৰু এক দীঘল হুমুনিয়াহ..|
🖋️নমিতা মাৰাৰ
মাদুৰী বাগান
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ