আন্ধাৰ বাটটো এতিয়া পৰিৱৰ্তনৰ চোলা-শচীন কুর্মী

©Admin
0
সৃষ্টিৰ সীমনাত
ভুক্তভোগীৰ যন্ত্ৰণা..
মানসিক নিৰ্যাতনৰ ৰগৰ..
সেউজীয়া ছাঁয়াই কথা কয়
জুৰুলা দেহত
ভাগৰক খামুচি ধৰিবলৈ..

বগা চাহাবৰ 
গোলামীৰ বোজা কঢ়িয়াই
কত' মৰিল অত্যাচাৰত..

আন্ধাৰৰ গভীৰ সুৰুঙাটোত
দিনে প্ৰতিদিনে
শ্ৰমিকৰ কামিলাৰ
চিত্ৰ আঁকে..
বিশাল সেউজীয়া ছাঁয়াৰ..

অবুজ কথাই দিয়ে
অশিক্ষিতৰ প্ৰমাণ..
বোলে বিধিৰ লিখন
চাহ বাগিচাই জীৱন..

সময়ৰ তাড়নাই
চিন্তাৰ প্ৰতিফলন ঘটাই
এতিয়া..
বাগিচাৰ গলীয়ে গলীয়ে
জ্ঞানৰ নতুন শৈলী..
ধাৱমান বৰ্তমানৰ চাহ
বিশ্বদৰবাদত..
সন্মানৰ এযুৰি চকু..

সীমনাৰ ধূসৰ ছবি খনৰ কথা
আজিও কয়
আজুককাই..

কিন্তু গুচি গ'ল
অতীত..
আন্ধাৰ বাটটো এতিয়া
পৰিৱৰ্তনৰ চোলা...।

✍️শচীন কুর্মী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)