বিদ্যালয়~অণুগল্প-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
মাজনিশা অমাৱস্যাৰ ঘন আন্ধাৰৰ সুবিধা লৈ আনন্দই গাওঁৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰ্য্যালয়ৰ তলাটো ভাঙি হাতত টৰ্চটো লৈ সন্তৰ্পণে ভিতৰলৈ সোমাই গ'ল ৷ দিনত পুতেক অনন্তৰ মুখত কথাটো শুনাৰ পিছৰেপৰা তাৰ মনটোৱে লকলকাই আছিল ৷ গভৰমেণ্টৰ পৰা অহা দহখন চিলিঙ ফেনখন কম মূল্যৰ নহয় ৷ কিবা কৈ সৰকাই নিব পাৰিলে সি ছমাহ বহি খাব পাৰিব ৷ ইতিমধ্যে অনন্তকো পঢ়া শুনা সামৰণি মাৰি এই বৃত্তিতে পাকৈত কৰি তোলাতোহে ভাল হব বুলি মনতে ভাবিছে ৷ কাৰণ পঢ়ি শুনিনো কিডাল হব?  সি নিজেও কুৰি বছৰ আগত পি উ পাছ কৰি একোডাল কৰিব নোৱাৰিলে ৷ দীন বামুণৰ পুতেকে এম পাছ কৰি কাপোৰৰ দোকান দি খাব লগা হৈছে ৷ কোটাই কেনা লগালে কাৰণে বোলে তাৰ এল পি স্কুলৰ মাষ্টৰৰ চাকৰিটো নহল ৷ গতিকে অনন্তক পঢ়োৱাৰ নামত সময়ৰ অপব্যৱহাৰ কৰি লাভ নহব ৷
কিন্তু এইয়া কি স্কুলৰ কাৰ্য্যালয়ৰ ভিতৰত চোন একোৱেই নাই ৷ তাৰমানে অনন্তই কোৱা মতে ফেন কেইখন তাৰ শ্ৰেণী কোঠাতে ৰাখিছে নেকি বাৰু ? 
আনন্দই এন্ধাৰৰ মাজে মাজে গৈ সপ্তমশ্ৰেণীৰ কোঠাটোৰ তলাটো ভাঙি ভিতৰ সোমাই টৰ্চৰ পোহৰত ভবামতেই দহখনকৈ নতুন চিলিঙ ফেন দেখি তাৰ মন থৌকি- বাথৌ হৈ পৰিল ৷  লগত অনা বস্তা দুটা আৰু বাঙকা পাটেৰ ফেন কেইখন ভাৰ বান্ধি  লৈ উভতিব খোজোতেই টৰ্চৰ পোহৰত বৰ্ডত লিখি থোৱা বাক্যশাৰী লৈ তাৰ চকুত পৰিল-
'" He who open s school door, closes a prison " - Victor Hugo.
 বাক্যশাৰী পঢ়ি  তাৰ হঠাত অনন্তৰ কোমল মুখখনলৈ মনত পৰি গল ৷ কিবা অলপ চিন্তা কৰি বস্তাৰ পৰা ফেন কেইখন উলিয়াই আকৌ নিজৰ জাগাত থৈ আনন্দই আন্ধাৰ সুযোগ লৈ ঘৰলৈ বুলি সন্তৰ্পণে খোজ দিলে ৷ সি অনন্তক কষ্ট কৰি হলেও পঢ়োৱাই ঠিক হব বুলি মনতে সিদ্ধান্ত ল'লে ৷

✍চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)