ভগ্ন স্বপ্ন~অণুগল্প-ভাস্বতী শইকীয়া

©Admin
0
জুলাই মাহৰ ভৰ দুপৰীয়া।সময় ঠিক এঘাৰ মান বাজিছে। ভাগ্যশ্ৰী আৰু তাই শাহু আইৰ লগত তিনিআলিটোত মেজিকখনৰ পৰা নামিছে।নৱবিবাহিতা ভাগ্যশ্ৰীক আজি ভাত খোৱাকৈ নিমন্ত্ৰণ জনোৱা মাহী শাহুয়েকৰ ঘৰলৈ বুলি আহিছে।আজি বিয়া হোৱা এমাহমান হৈছে। তাই যোৱা বছৰ অসমীয়া বিভাগত অনাৰ্চ লৈ গ্ৰেজুৱেশ্বন কম্প্লিত কৰিছিল। উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল যদিও ঘৰৰ প্ৰবল হেঁচাত হোমৰ জুইৰ আগত বহিবলৈ বাধ্য হ'ল।মাক দেউতাকে হেঁচা নিদিবনো কিয়, সিহঁতৰ ঘৰৰ আৰ্থিক অৱস্থা সুচল নহ‌য় যদিও গ্ৰেজুৱেচন কম্প্লিত কৰাৰ সুবিধাখিনি কৰি দিলে। শেষত উচ্চ শিক্ষাৰ সপোন নিজৰ হৃদয়ৰ গোপন কোঠাত বন্ধ কৰি থ'লে।
       " উহ!ইমান গৰম পৰিছে।ই-ৰিক্সা এখনৰো চিন-চাব নাই" ভাগ্যশ্ৰীৰ শাহুমাকে নিজৰ হাতৰ ৰুমালেৰে কপালত তিৰবিৰাই থকা ঘাম মচি মচি ক'লে। অলপ পৰ লৈ থাকি  দুয়োগৰাকী আগবাঢ়িল।
       তিনিআলিৰ পৰা সিহঁতৰ গন্তব্যস্থান দুই কিলোমিটাৰ নিলগত।শাহুমাকে ন কইনাৰ দৰে সাজি-কাছি আহিবলৈ তাগিদা দিয়াত তায়ো তেনেদৰে আহিছিল।  গৰমত তাই ঘামি জুৰুলি-জুপুৰী  হৈ থকা দেখি শাহুৱেকে মাত দিলে "এ বোৱাৰী তুমিচোন ঘামত তিতি গ'লা" । "হয় মা,গৰমে বৰকৈ দঢ়িছে,পিয়াহো লাগিছে" ভাগ্যই মাত দিলে । "এ‌ হয় নেকি, তুমি মোক কোৱা নাই কিয় , মই ফ্ৰিজৰ পানীৰ বটল এটা লৈ আহিছিলো "এই বুলি কৈ বেগৰ ভিতৰৰ পৰা পানী বটলটো উলিয়াই ‌দিলে। ভাগ্যই পৰম আনন্দৰে পানীৰ পিয়াহ দূৰ কৰিলে। 
  এইদৰে দুয়ো মাহীয়েকৰ ঘৰ পালেগৈ। ঘৰৰ আগফালে থকা মনোমোহা বাগিছা খনে ভাগ্যক বাৰুকৈয়ে আকৰ্ষিত কৰিলে। তাইৰ সৰুৰে পৰাই ফুলৰ প্ৰতি এক গভীৰ আকৰ্ষণ আছে। ফুলৰ বাগিচা খনত বিভিন্ন ফুলেৰে জাতিষ্কাৰ হৈ আছিল। এই বাগিছাখনে তাইৰ ৰাস্তাৰ দুখ-ভাগৰ দূৰ কৰিলে। 
    সিহঁতক আহি পোৱা দেখা পাই মাহীয়েকে মাত দিলে "আহিলা বোৱাৰী ,"তোমালোকলৈয়ে অপেক্ষা কৰি আছিলো" এই বুলি কৈ দুয়োকে ভিতৰৰ বেডৰুমত বঢ়িবলৈ দিলে। 
       "অ বৌ পালা হি " বুলি ভিতৰৰ পৰা ৰশ্মিয়ে উৎসাহেৰে নেমুৰ চৰ্বত দিলেহি । ৰশ্মি ভাগ্যৰ বয়সৰে ।তাই এম.এ পঢ়ি আছে। এইবাৰ চামাৰ ভেকেচনত ঘৰলৈ আহিছে | ৰশ্মি এজনী চৌখিন ছোৱালী , কলেজৰ অধ্যয়নৰ ওপৰিও অনান্য কলেজৰ কাৰিকুলাম এক্টিভিটিতো সক্ৰিয় অংশগ্ৰহণ কৰে |
                     
                       কিছু সময় পিছতেই ভাগ্যশ্ৰীৰ মাহীশাহুয়েকে দুপৰীয়াৰ ভাতসাজ খাবলৈ পাকঘৰলৈ মাতিলে | দুপৰীয়া ভাগ্যশ্ৰীৰ প্ৰিয় শ'ল মাছৰ সৈতে বনোৱা পাতিলাওৰ তেঙা তৰকাৰী , লোকেল মূৰ্গীৰ তৰকাৰী । খাবৰ সময়ত  ভাগ্যশ্ৰীৰ মাকৰ হাতৰ ভাতসাজঁলৈ বৰকৈ মনত পৰিল। কিমান যে হেঁপাহেৰে ভাতসাজ খালে তাই ।
   
     দুয়ো জনী এটা কোঠাতে বহি কথা পতাত লাগিল। বিভিন্ন কথাৰ মাজতে ভাগ্যই সুধিলে "ইয়াৰ পিছত কি পৰিকল্পনা কৰিছা?" ৰশ্মিয়েও উৎসাহেৰে কলে ",মোৰ আই পি এছ অফিচাৰ এগৰাকী হোৱাৰো হেঁপাহ এটা আছে।" ৰশ্মিৰ  আশা-আকাংক্ষাবোৰ জনাৰ পিছত ভাগ্যই ও হৃদয়ৰ এচুকত লুকাই থকা মৰহিব ধৰা সপোনবোৰে যেন আমনি কৰিব ধৰিলে। 

✍️ভাস্বতী শইকীয়া
     
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)