যেন আকাশৰ দৰে নীলা।
পানীৰ ৰং হেনো নাই!
বৰফৰ ৰং আকৌ বগা।
আৱেগৰ কিনা-বেচা চলে বাবেই,
বাৰিষা আৰু মাথাউৰিয়ে লুকাভাকু খেলে।
প্ৰতিশ্ৰুতিৰ খহনীয়াত আমিবোৰ নৈৰ গৰাহ,
ৰাজনীতিৰ পাৰ্কোপাইনত ভৰসাৰ অনিশ্চয়তা।
সৰাপাতও এদিন কুঁহিপাতেই আছিল,
জেওৰাখনো এদিন বাঁহগাজেই আছিল।
বগা ৰঙে কি সূচায়, শান্তি নে বিধৱা?
নে ধৰ্মৰ নামত ৰঙেও ৰূপ সলায়!
তই-মই নহয় যদি, সমাজনো কোন?
যি প্ৰশ্ন কৰাটোকেই বিৰোধিতা বুলি কয়।
ধানবোৰ যদি পতানেই হয়,
নৰাৰ খেতি জানো কোনোবাই পাতে !
শিয়ালেও নাজানে সেইয়া অমাৱস্যা নে পূৰ্ণিমাৰ ৰাতি!
যেতিয়া চিঞৰে মাজনিশাৰ বেহুফালি।
আমবোৰ টেঙা হ'লেও কিছুমান আকৌ মিঠা,
ঠিক টঙীঘৰৰ মানুহটোৰ জীৱনটোৰ দৰে।
🖋️জক্ পাই
আগ্ৰা,উত্তৰ প্ৰদেশ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ