মই নথকাৰ বতৰা-স্বাতী জয়ছোৱাল

©Admin
0
যিদিনা মই নাথাকিম
সিদিনা পিছে,
তুমি কান্দিবানে ?
বুজিবানে বাৰু ,
মই থকাৰ মহত্ব !

নে গমকে নাপাবা ?
মই আছো নে নাই ,
এই বিশাল পৃথিৱীত !
মই মাথো এটি ক্ষুদ্ৰ জীৱ
মানৱ সমাজত,
তোমাৰ জীৱনৰ 
প্ৰেমৰ সাগৰত !

হয়তো,
তোমাৰ দৰেই
বহুতে অশ্ৰু টুকিব ,
বহুতে মোক দোহাৰিবও ,
কিন্তু ,
ক্ষন্তেকৰ বাবে
এটি পলৰ বাবে ,
সময়ৰ বোঁৱতী ধাৰাই
উটুৱাই নিব ,
মই নথকাৰ বতৰা..

✍️স্বাতী জয়ছোৱাল



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)