আমাৰ দেশ-শিখামনি বৰুৱা

©Admin
0
এই দেশ আমাৰ অতি মৰমৰ ,
জীৱন দিবলৈ নকৰো যে ভয়।
কেনে সুন্দৰ এই ধৰা কেনে সুন্দৰ 
ন ন ৰূপত দেখো যে তাৰ বেশ।
এই দেশত জনম লভি কৰিলোঁ জীৱন ধন্য,
উন্নতিৰ পথত আগুৱাই যাওক 
এই মোৰ কাম্য।
আহা আজি সবে 
ভেদা ভেদ পাহৰি 
গাই যাওঁ দেশৰে গান, 
জীৱনে পায় যেন নতুন প্ৰাণ ।।
সোণৰ অসম আমাৰ সদায় জিলিকি ৰওক, 
তাৰ বাবে কৰি লও পণ।
শোণিতেৰে লিখি যাম 
জয় আই অসম ।।

✍️শিখামনি বৰুৱা
ডিব্ৰুগড় চৌকি ডিঙি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)