এজাক সপোনৰ নীৰৱ চিৎকাৰ~গল্প- জহিৰুল ইছলাম

©Admin
0
ব্যস্ত সন্ধিয়া, ব্যস্ত সময় । বেজৰুৱাৰ কোলাহলত অশান্ত ৰাজপথ । পৰি থকা বিদ্যুতৰ খুঁটাত বহি চেমনীয়া ল'ৰাৰ লেকামহীন উল্লাস। যেন যুদ্ধজয়ৰ বজ্ৰ নিনাদত জীৱনৰ জয়গান । হঠাৎ হাতত থকা মোবাইলত ভূপেন হাজৰিকা দেৱৰ "মানুহে মানুহৰ বাবে, যদিহে অকণো---" গীতৰ সুমধুৰ গুঞ্জন । মোৰ বুঢ়া আঙুলিৰ স্পৰ্শত ভাহি আহিল এক গহীন কণ্ঠস্বৰ।
জাহিৰ হয়নে ?
হয়, মই জাহিৰেই কৈছোঁ।
মোৰ বুজিবলৈ বাকী নেথাকিল কোন হয় এই গহীন কণ্ঠস্বৰৰ অধিকাৰী ।
তথাপি; তই নীলাভ, Am I right ?
Yes .I am Nilabh . কিয়, নম্বৰ ছেভ কৰা নাই নেকি অ'?
আছে; কিন্তু এয়া দেখোন নতুন নম্বৰ?
ঠিক আছে বাৰু, ক'চোন ইমান দীৰ্ঘ বিৰতিৰ পিছত আজি কিয় হঠাৎ মনত পৰিল? 
একো নাই, খবৰ এটা লওঁ বুলি ফোন কৰিলোঁ।
সব বিন্দাচ চলি আছে । তহঁতৰ দৰে নহয় দেচোন !
তোৰ খবৰ ক'চোন, 
মইতো যোৱা মাহত কলেজ এখনত চাকৰি পালোঁ!।
তোৰ কলেজৰ খবৰ কি হ'ল ? এইবাৰ বাজেটত কিবাকিবি ঘোষণা কৰিছিলে দেখোন ?
বাদ দেচোন সেইবোৰ; কিমানবাৰ ঘোষণা হ'ল ঠিক নাই! । সকলো ৰঙা ফিতাৰ মেৰপেচ ।
দে, উপায়োতো নাই ,ধৈৰ্য ধৰি থাকচোন, হ'ব এদিন ।
ঠিক আছে, বাই ।
      হঠাৎ নীলাভৰ ফোনটোৱে বহু কথাই কৈ গ'ল আনে বুজিব নোৱৰাকৈ । সময়ে কাক, কেতিয়া, ক'লৈ লৈ গৈ থিয় কৰাই ঠিক নাই। মোৰ সমনীয়া চান্দু, কিশোৰ, কলিতা আজি সকলোৱে প্ৰতিষ্ঠিত। ব্যতিক্ৰম মই। সিহঁত মোৰ দৰে এম,এ, পাছ নহ'লেও সিহঁত এতিয়া সমাজৰ বৰমুৰীয়া।
মোৰ বাবে প্ৰতিটো দিনেই জীৱন সংগ্ৰামৰ নিলিখা ইতিহাস। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে আজি শিক্ষিত হৈয়ো । এইবোৰ কথা জানো ক'ব পাৰি নীলাভক (!)
       বিচিত্ৰ পৃথিৱী, বিচিত্ৰ জীৱন। আৰ্থিক দৈন্যতাই কোঙা কৰা জীৱনত নিৰাশাৰ কলীয়া ডাৱৰ । বয়স যদিও দুকুৰিৰ দেওনা পাৰ হোৱা নাই, তথাপি ষাঠি বছৰীয়া খূড়াজনেও মোক খূড়া বুলি মাতে। দাড়ি-চুলি বগা নহ'লেও ক'লা বুলিও ক'ব নোৱাৰি। সেই বাবেই হয়তো মোতকৈ ডাঙৰ জনেও চকীখন এৰি বহিবলৈ দিয়ে মেলে মিটিঙে। নবহিলেও বেয়া পায়।
           দহ জনীয়া পৰিয়ালৰ ডাঙৰ ল'ৰা হিচাবে অধিকাৰৰ পৃষ্ঠাতকৈ দায়িত্বৰ তালিকাখন বহু গুণে দীঘলীয়া। ঘৰৰ যাৱতীয় প্ৰয়োজন পূৰ্ণ কৰাৰ গুৰু দায়িত্ব যেন মোৰ ওপৰতে ন্যাস্ত। এফালে আৰ্থিক দৈন্যতা আনফালে সাংসাৰিক দায়িত্ব, মোৰ বাবে কেতিয়াবা হৈ উঠে ব'ব নোৱাৰা বোজা। মই হৈ পৰোঁ এক নিঃসংগ আত্মা। বজাৰ কৰাৰ পৰা আৰম্ভ কৰি গৰুক গা-ধোৱা লৈকে সকলো দায়িত্ব মূৰ পাতি লৈ নীৰৱে পাৰ হয় লক্ষ্যহীন জীৱন। পঢ়াশুনাত মনোযোগ নাছিলে যদিও দেউতাৰ হাতৰ কাণতলীয়া পৰশ আৰু লাঠিৰ কোবত পঢ়িবলৈ বহাটো মোৰ নিত্য নৈমিত্তিক অভ্যাস আছিল । আমাৰ ক্লাছৰ আটাইতকৈ চোকা ছাত্ৰৰ তালিকাত মোৰ নাম সন্নিবিষ্ট কৰিছিলোঁ মেট্ৰিক পৰীক্ষাত ফেল কৰিহে । জীৱনৰ প্ৰথম ডাঙৰ পৰীক্ষা বুলি কথা(!) এবাৰতে যদি মেট্ৰিক পাছ কৰা প্ৰমাণ পত্ৰখন আঁজুৰি আনো তেন্তে -----! এইক্ষেত্ৰত সহায় কৰিছিলে মোৰ সোঁ-ভৰিয়ে । ফুটবল খেলিবলৈ গৈ সোঁ-ভৰিৰ গোৰোহা ভাঙি কলগছ হোৱাতহে ৰক্ষা । যেন নাচনীয়ে পাইছে ঢোলৰ ডাং।
                 দেউতা এল,পি, স্কুলৰ শিক্ষক যদিও, কৃষি কৰ্মত আছিল অতি অভিজ্ঞতা সম্পন্ন । সময়ে-সময়ে আমাৰ গাঁৱৰ ৰহিম, ভেদাই, নৃপেন খূড়াই সন্ধিয়াৰ চোতালত ৰেডিঅ মেলত বহি খবৰ শুনাৰ ফাঁকে-ফাঁকে খেতি-বাতি সম্পৰ্কে বিভিন্ন দিহা-পৰামৰ্শ লোৱা কথাবোৰ এতিয়াও মনত পৰে । মোৰ বয়স তেতিয়া ১৯ বছৰ । মেট্ৰিক পাছ কৰাৰ পিছত মই যেন সমনীয়াহঁতৰ মাজত লিডাৰ হৈ পৰিলোঁ। পঢ়াশুনা কম, উৎপাত বেছি। সদায় আবেলিৰ পৰা গধূলিলৈকে আমাৰ ঘৰৰ পৰা অলপ দুৰত থকা তিনিআলিৰ কালভাৰ্টটোত বহি মৃনালৰ ৰেডিঅʼত শ্বিলঙৰ ফোন ইন অনুষ্ঠান 'কল্পতৰু' শুনি বেসুৰীয়া সুৰত আমি কেইটাই সমস্বৰে গান গাই পৰিবেশ উত্তাল কৰাৰ পৰা নিশা হ'লে লুকাই চুৰকৈ দূৰ দূৰণিত যাত্ৰা গান শুনিবলৈ গৈ জুৱাৰ আড্ডাত এটকা ধৰি তিনি টকা পোৱাৰ অভিজ্ঞতা আমাৰ পুৰণিকলীয়া। এদিন ৰাজুৱে ঝাণ্ডি-মুণ্ডা খেলি দুশ টকা লাভ কৰাত পিছদিনা আমি লক্ষীপুৰত 'বেদেৰ মেয়ে জোৎস্না' চিনেমা চোৱাৰ সিদ্ধান্ত ল'লোঁ । সেইমতে মই ৰাতি পুৱা খৰ-খেদাকৈ ভাত এগাল খাই কিতাপৰ বেগটো ছাইকেলত আঁৰি লৈ ৰাজুৰ ঘৰ পালোঁগৈ । সিও প্ৰস্তুত । মৃনাল, ৰহিম আৰু নৃপেনও আহি উপস্থিত হোৱাত একান্ত শান্ত আৰু ভাল ল'ৰা হিচাবে আমি কলেজলৈ বুলি যাত্ৰা কৰিলোঁ যেন সেইদিনাহে প্ৰথম কলেজলৈ যাত্ৰা কৰিছোঁ । ক্লাছ আৰম্ভ হৈ আধা সময় পাৰ হোৱাৰ পিছত গৈ May I coming sir ? বুলি কৈ অনুমতিৰ অপেক্ষা নকৰি ভিতৰলৈ সোমাই যোৱা আৰু থিয় হৈ ক্লাছৰ বাকী সময়খিনি পাৰ কৰা আমাৰ কেইটাৰ নিত্য অভ্যাস আছিল । শিক্ষকেও প্ৰথম কেইদিনমান আমাক দাবী-ধমকি দিছিল যদিও এটা সময়তগৈ সেই অধ্যায়ৰ সমাপ্তি ঘটিছিল । কিন্তু সিদিনা আছিল তাৰ ব্যতিক্ৰম । আমি ওলাই যাওঁতে ৰাজুৰ ঘৰৰ ওচৰৰে নকুলে আমাক দেখি অলপ আচৰিত হোৱাৰ দৰে সুধিলে --ঐ তহঁত ক'লৈ যাৱ অ ?
     --- কলেজলৈ যাওঁ । 
     ---- ইমান সোণকালে যে ?
      অ' তোৰ দৰে আমি বেয়া ল'ৰা নহয় যে, বেলেগৰ কথা নাভাবি নিজেই কেৱল ভাল ৰিজাল্ট কৰিম ? তোৰ কাৰণে কিমান গালি খাওঁ তই জাননে ? সদায় তোৰ কথা কৈ দেউতাই কিমান গালি পাৰে তই চাল্লা কি বুজিবি । তোক এদিন এনেকৈ দিম নহয়, বুজি পাবি বাপ্পেকে(!) কথা নকবি, চুপ ।
        আমি তাৰ পৰা গৈ কলেজৰ গেটৰ সন্মুখত থকা নবীন কাইৰ পান দোকানত আমাৰ কিতাপৰ বেগ বিলাক নমাই থোৱা দেখি নবীন কাইৰ বুজিবলৈ বাকী নাথাকিল আমি যে আজি কলেজত নাথাকোঁ ।
         --- তহঁত আজি ক'লৈ যাবি ? মই কিন্তু কৈ দিম তহঁতৰ ঘৰত । 
নবীন কাই, তই যদি কৈ দিব পাৰ, কৈ দিবি যা ।
আমি জানো নবীন কায়ে কেতিয়াও নকয় ।
আমি অইন দিনাৰ দৰেই তামুল খাই ছাদা আৰু স্পিছেল বিড়ি এপেকেট পকেটত ভৰাই তাৰ পৰা যাত্ৰা কৰিলোঁ প্ৰায় বিশ কিলোমিটাৰ দূৰৈৰ লক্ষীপুৰ অভিমুখে । দুখন চাইকেল । বাটত সলনা-সলনিকৈ চাইকেলৰ চালন।
          সময় সন্ধিয়া । ঘৰৰ পৰিবেশ সিদিনা অলপ ব্যতিক্ৰম । পাক-ঘৰত নাই মাৰ ব্যস্ততা । মই লাহেকৈ চাইকেলখন থৈ মোৰ ৰূমলৈ সোমাই গ'লো আৰু মোৰ ৰূমৰ পঢ়া টেবুলখন লক্ষ্য কৰি অলপ শংকিত হ'লোঁ । নকুলে আমাৰ কথা কৈ দিয়া নাইতো(!) কিতাপৰ ৰেকটো খালী । টেবুলখনত অচিনাকি গোন্ধ । মই বুজিও নুবুজাৰ ভাও ধৰি স্বভাৱ সুলভ ভাবেই হাত-মুখ ধুই আহি মাক ক'লো --মা ভাত দিয়া । বৰ ভোক লাগিছে।
মা নিৰুত্তৰ । দেউতাৰ মৰমীয়াল মুখত বিৰক্তিৰ ৰক্তিম ৰেখা। এই ৰূপ মই কেতিয়াও দেখা নাই।
কিয় এই পৰিবৰ্তন ? হেজাৰ প্ৰশ্নৰ ভিৰত আজি ত্ৰস্তমান হৃদয়। হয়তো আজি নকুলে আমাৰ দিনপঞ্জীৰ অলিখিত ইতিহাসৰ অপ্ৰকাশ্য পাণ্ডুলিপি উন্মোচন কৰি গুচি গৈছে ।
          দেউতা গাঁৱৰ মিটিং এখনলৈ গুচি যোৱাত হে ৰক্ষা । মায়ে ভাত খাবলৈ দি বহু প্ৰশ্ন কৰিছিলে যদিও উত্তৰ দিবলৈ সাহস নাছিল । ৰাতি ১০ মান বজাত দেউতা ঘৰলৈ অহা গম পাই অলপ ভয় আৰু শংকাত শ্বাস-প্ৰশ্বাস গৰম হ'ব ধৰিলে । পঢ়া টেবুলতে বহি পঢ়ি থকাৰ ভাও দিছোঁ। হেজাৰ অপৰাধৰ ঔষধ যে অধ্যয়ন, সেয়া বুজিবলৈ বাকী নাছিল মোৰ ।
বোপা, শুইছ নে?
মৰম সনা মাতত মই কি কম, কি নকম বুজি পোৱা নাছিলোঁ। দেউতা মোৰ ওচৰত বহি বহু কথাই কৈ গ'ল জীৱন আৰু জীৱন সংগ্ৰামৰ। সাৰ কথা, "জীৱন আজিৰ দৰে নচলে"।
তুমি এতিয়া বুজিব পৰা হৈছা ।ভাল-বেয়া বিচাৰ কৰিব পৰা ক্ষমতা তোমাৰ নিশ্চয় হৈছে। জীৱন গঢ়িবলৈ পৰিশ্ৰম জৰুৰী। পৰিশ্ৰমেই উদ্গতিৰ মূল। আশা কৰোঁ তুমি ডাঙৰ মানুহ হ'বা। সমাজত মোৰ নাম-যশ অক্ষুণ্ণ ৰাখিবা । 
             দেউতা গুচি যোৱা ভালে দিন হ'ল । কিন্তু তেখেতৰ কথাবোৰ যেন আজিও বাৰে বাৰে খুন্দিয়াই মোৰ হৃদয়ৰ নিভৃত কোণত নীৰৱ-নিঃসংগ সময়বোৰত । ওভতি যাব বিচাৰে অতীতৰ দিনবোৰলৈ । এতিয়া নিঃসংগতা মোৰ প্ৰিয় ঠিকনা । ভাল পাও নীৰৱে কথা পাতি,- গছ-বৃক্ষ, নদ-নদী, জান-জুৰি আৰু মই মোৰ স'তে । যাৰ বাবেই লিখোঁ কবিতা, গল্প, আৰু বেসুৰীয়া গীত । যদিও সেইবোৰ মানদণ্ডৰ তুলচনীত তেনেই নগণ্য । তথাপি আঁকো জীৱনৰ পৃষ্ঠাত বহু অদৃশ্য ছবি । যাৰ দৰ্শক কেৱল মই আৰু মোৰ নীৰৱতা ।
               জীৱনৰ পৃষ্ঠাৰ পৰা ইচ্ছা-অনিচ্ছাত ছিগি গৈছে বহু সম্পৰ্কৰ এনাজৰী । হেৰুৱাই বহু ঠিকনা, পাইছোও বহুত । ঠিকনা ঘৰৰ নহয়, ঠিকনা হৃদয়ৰ । য'ত বাস কৰিব পাৰে মুক্ত মনে, মান-অভিমান হৰ্ষ-বিষাদ, প্ৰাপ্তি-অপ্ৰাপ্তিৰ ভাগৰুৱা আত্মা ।কিছু ঠিকনা এনেদৰে থিতাপি লয় যে তাক পাহৰি থকাটো কেৱল জটিলেই নহয়, অসম্ভৱো । নহ'লেনো কিয় অতীত পৃষ্ঠাত এতিয়াও ৰিণি-ৰিণি বাজে হেৰুৱা ঠিকনাৰ বিহংগম(!) মই যদিও বয়সত জাহাঙ্গীৰতকৈ দুবছৰ সৰু আছিলোঁ; কিন্তু আমাৰ অনুভৱ আছিল এটা মুদ্ৰাৰ যেন ইপিঠ-সিপিঠ। জীৱন সম্পৰ্কে তাৰ ব্যাখ্যা আছিল বয়সতকৈ বহুখিনি পুৰঠ। সিয়েই একমাত্ৰ শিক্ষিত ল'ৰা, সিহঁতৰ পৰিয়ালৰ । ঘৰ যদিও ধুবুৰীৰ পৰা প্ৰায় ১০ কিলমিটাৰ নিলগত চৰ এখনত । শিক্ষা-স্বাস্থ্যৰ ক্ষেত্ৰখনো একেবাৰে পয়ালগা । তথাপি তাৰ মনত পঢ়াশুনা কৰি ডাঙৰ মানুহ হোৱাৰ হেঁপাহ আছিল অদম্য । যাৰ বাবেই এদিন ঘৰৰপৰা ওলাই গৈছিল পঢ়িবলৈ । গঢ়িবলৈ জীৱন ।
              ---" ইচ্ছা থাকিলে উপায় ওলায়"--কথাষাৰৰ উদাহৰণ যেন জাহাঙ্গীৰ । আজি চৰকাৰী চাকৰিয়াল । ধুবুৰী চহৰৰ কাষতে অলপ ভেটি মাটি কিনি ঘৰ-বাৰী বনাইছে । চলিছে দুটা সন্তানৰ পিতৃ গৌৰৱ আৰু এজন সমাজকৰ্মী তথা সমাজসচেতন ব্যক্তি হিচাপে।
             মই এবাৰ মামাহঁতৰ ঘৰত ফুৰিবলৈ গৈ তাক লগ পাইছিলোঁ । সেয়াই আছিল আমাৰ প্ৰথম চিনাকি। অতীতৰ পৰাই মামা হঁতৰ ঘৰত থাকি বহুতেই পঢ়াশুনা কৰি থকা মোৰ বাবে আছিল চিনাকি দৃশ্য । কিন্তু ব্যতিক্ৰম যেন জাহাঙ্গীৰ । ক'ব নোৱাৰাকৈয়ে গঢ়ি উঠিছিল এক বন্ধুত্বৰ সম্পৰ্ক । চলিছিল অহা-যোৱা । এবাৰ আমাৰ ঘৰৰ আটায়ে বেমাৰত অসুস্থ হৈ পৰিছিল লগতে ময়ো । আনকি দেউতাৰ বেমাৰৰ তীব্যতা ইমানেই বেছি আছিল যে মাজে-মাজে অচেতন হৈ পৰিছিল জ্বৰ আৰু ডাৱেৰীয়াত । কেৱলমাত্ৰ মা অলপ সুস্থ হৈ আছিল যদিও বেমাৰীৰ আলপৈচান ধৰোঁতে মাৰ অৱস্থাও কাহিল হৈ আহিছিল দিনক দিনে । হঠাৎ বন্ধু জাহাঙ্গীৰৰ আগমন আমাৰ ঘৰত । সময় সন্ধিয়া । ঘৰৰ পৰিবেশ গোমা-গোমা । মায়ে দেউতাৰ মুৰত পানী ঢালিছে আৰু মাজে-মাজে অজানিতে ওলাই অহা চকুপানী কাপোৰৰ আঁচলেৰে মচিবলৈ বৃথা চেষ্টা কৰিছিলে । মই সেই দৃশ্য দেখি নিজকে সুস্থ ৰাখিব পৰা নাছিলোঁ, যদিও বুকুত প্ৰকাণ্ড পাথৰ এখন চপাই লৈ নীৰৱে চাইছিলোঁ সেই নিদাৰুণ দৃশ্যপট । তেজৰ সম্পৰ্ক হেনো ছিন্ন নহয় । কিন্তু সেয়া জানো বাস্তৱ ? একেখন চোতাল বিশিষ্ট আমাৰ খূড়াহঁতৰ ঘৰৰ লগত যদিও, আমাৰ খবৰ ল'বলৈ খূড়াহঁতৰ মানৱতাই যেন বাধা দিছিলে । ঘৰত মৃত্যু শয্যাত শায়িত দেউতাৰ মুখ খন চাবলৈও কোনেও অহা নাছিল । কিয়, কি অপৰাধ আছিল ? যাৰ পৰিণতিত সেই কঠিন সময়ত ----! আজিও ঘৃণা-অপমানত নাক কোঁচ খাই যায় সেইবোৰ মনত পৰিলে ।
-- "যাৰ কোনো নাই তাৰ আল্লাহ আছে" যেন আপ্তবাক্যৰ জ্বলন্ত উদাহৰণ কৰি পঠিয়াই দিছিলে জাহাঙ্গীৰ নামৰ প্ৰাণীটোক । সি যদিও আমাৰ ইয়াত একদম নতুন । তথাপি সি আমাৰ ঘৰৰ যাৱতীয় দায়িত্ব নিজৰ মুৰত লৈ কৰি গৈছিল নিৰলস চেষ্টা । গৰু পথাৰত বান্ধি দিয়াৰ পৰা ডাক্তৰ মাতি আনি চিকিৎসা কৰোৱালৈ, সকলো কাম এজন দায়িত্ববান পৰিয়ালৰ সদস্য হিচাপে কৰি গৈছিল নীৰৱ আৰু একাগ্ৰচিত্তে । গাঁৱৰ মানুহে আঁচৰিত হৈ চাইছিল তাৰ একাগ্ৰতাক । এ-পষেক নিৰলস চেষ্টাত যেন আকৌ ঘৰলৈ এক সুস্থ পৰিবেশ ৰচনা হ'বলৈ ধৰিলে । এই উদাৰতাৰ বাবে মই তাক ধন্যবাদ জনাই তাৰ উদাৰতাৰ পৰিধিখন সংকীৰ্ণ কৰাৰ সাহস গোটাব পৰা নাছিলোঁ তেতিয়াও, নোৱাৰোঁ এতিয়াও, হয়তো নোৱাৰিম ভৱিষ্যতেও । নাজানো এয়া মোৰ ভুল নে শুদ্ধ আচৰণ । কিয় কৰিছিল বাৰু মোৰ হৈ ইমান কষ্ট (!) প্ৰতিদানত কি পালে ? হয়তো সেয়া মোৰ বাবে এক অবুজ শিহৰণ । এতিয়াও আছে সেই বন্ধুত্ব, সেই শ্ৰদ্ধা, সেই বিশ্বিস, থাকিবও জীয়াই থকালৈ । যদিও সময়ৰ দৈন্যতাই কাঢ়ি লৈছে কিছু আত্মীয়তা । তথাপি------
বন্ধুত্ব জিন্দাবাদ , বন্ধুত্ব জিন্দাবাদ,বন্ধুত্ব জিন্দাবাদ ।।
     
✍️জহিৰুল ইছলাম         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)