এই চহৰ খন মোৰেই আছিল,
দুদিনীয়া ৰংগমঞ্চৰ চহৰ খন
আজি বিদায় লোৱাৰ পথত!
বিদায় মোৰ মা -দেউতা
শেষ মুহূৰ্তত নেকান্দিবা
ইচ্ছা থকা স্বত্তেও,
হাত ভৰি দুখনৰ চৰম বিপৰ্যয়ৰ অৱস্থা
শিকলিৰে বান্ধি থৈছে
অ আই সহ্য নহয় তোৰ
হৃদয়ৰ হিয়া ভঙা ক্ৰন্দন !
মোৰো মনে বিচাৰে তোৰ সৈতে
একাত্মবোধ হবলৈ
মই আজি অপাৰগ হৈছোঁ !
কুশল কামনা কৰোঁ সদায়
মোৰ খা খবৰ ল'ৱ নালাগে নহয়
দূৰ প্ৰৱাসীৰ মইয়ে এজন
দিশহাৰা পথিক
সপোনক খেদি থাকোঁতেই
দিবা নৈশৰ আজি শেষ সমাধি
মোক বুজিবলৈ এজনো নাপালোঁ
তথাপিও দুখ অনুভৱ নকৰোঁ।
✍️ আহিদুল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ