আইলৈ চিঠি~কবিতা-জক্ পাই

©Admin
0
আই তোৰ দিনৰ সংস্কৃতিৰ পেৰাটোৰ 
আদৰ যে নোহোৱা হ'ল! 
আই ঐ, 
তই এৰি যোৱা ৰি্বি্ গাচেং
আজি এলাগী হ'ল। 
বিদেশৰ চুৰিদাৰ 
তোৰ য়ামেঙৰ বুকুৰ আপোন হ'ল। 
ঔটেঙাৰ বীজেৰে চুলি ধোৱা 
তোৰ য়ামেং আজি নোহোৱা হ'ল, 
চানচিল্ক - ভাটিকা কিবোৰ যে আহি গ'ল। 
মাদলী-জোনবিৰি নিপিন্ধাই হ'ল, 
তোৰ য়ামেঙৰ ডিঙি আজি 
নেকলেচ্ - মংগলচুটেৰে জিলিকি গ'ল। 
গুমৰাগৰ চেও আজি পাহৰিয়েই গ'ল, 
গিটাৰৰ সুৰেৰে চাংঘৰ মুখৰিত হ'ল। 
গাঁও এৰি সকলোৱে চহৰমুখী হ'ল, 
দেখাক দেখি তোৰ ঐয়ৌও সলনি হ'ল। 
আই বোপাইক পোহাটোও 
তাৰ জুলুম হৈ গ'ল। 
আশ্ৰমত ৰখাটোও এক ফেশ্বন হৈ গ'ল। 
কাঁহৰ কাঁহী-বাটি এৰি 
তোৰ য়ামেং আজি ডিচপোজে্ল হ'ল। 
য়ামেঙৰ হাতলৈ এন্ডইড ফোন আহি গ'ল,
"মিৰি জীয়ৰী"- "জংকী পানৈ" ধোঁৱা চাঙত ৰ'ল। 
আইৰ ভাগৰ মেখেলাখন, 
বোপাইৰ ভাগৰ চুৰিয়াখন ধুবলৈ 
য়ামেঙৰ সময় নোহোৱা হ'ল। 
ফেচবুক-ৱাটচপত লাগি থাকোঁতেই
দিনটো পাৰ হৈ গ'ল। 
ধোঁৱা চাং - মেৰাম আজি এলাগী হ'ল
য়ামেঙে ভাতসাঁজ গেছতেই ৰান্ধি  ভালপোৱা হ'ল। 
নৈ পাৰৰ শিলত বহি 
গা ধোৱাটোও অশ্লীল হৈ গ'ল, 
বাথৰুমৰ চাৱাৰত গা ধুই সভ্য হৈ গ'ল। 
কাইটিয়ে পিন্ধি থকা গালোকটিয়ো বহু পুৰণা হ'ল। 
সলাবলৈ গাঁৱত আজি 
কোনো নোবোৱায়েই হ'ল। 
ভাগৰত খোৱা আপং টুপিয়ো 
হেৰাবৰ হ'ল। 
আজিৰ দিনৰ য়ামেঙৰ মতে 
ই আকৌ অলাগতিয়াল হ'ল। 
সদায় মাতি থকা মাম্ জনী 
হঠাতে ভাবী হৈ গ'ল, 
ঘৰৰ দেখোন  সৰুপাইয়ো আজি 
আংকল হৈ গ'ল। 
জান-জুৰিৰ মাছবোৰৰ সোৱাদ নলগা হ'ল, 
ধোঁৱা চাঙৰ নামচিং ধোঁৱা চাঙতেই ৰ'ল। 
বেমাৰী হ'লেও ব্ৰইলাৰ আজি 
সকলোৰে প্ৰিয় হ'ল। 
আই ঐ, 
পিতায়ে দি যোৱা 
সংস্কৃতিৰ পেৰাটোৰ আজি 
গৰাকী নোহোৱা হ'ল। 
জাতি-ধৰ্ম-সংস্কৃতি এৰি 
অঘৰী হ'বৰ হ'ল।

✍ জক্ পাই ,আগ্ৰা, উত্তৰ প্ৰদেশ 

শব্দাৰ্থঃ
পেৰা           - কাঠেৰে তৈয়াৰী এক প্ৰকাৰৰ বাকচ।

ৰি্বি্ গাচেং - মিচিং মহিলা সকলে চাদৰৰ ওপৰত বুকুত 
 বান্ধি লোৱা এক প্ৰকাৰৰ বস্ত্ৰ। 

য়ামেং         - বোৱাৰী। 
ঐয়ৌ          - নুমলীয়া। 
গুমৰাগ      - মিচিঙৰ জাতীয়   নৃত্য। 
মেৰাম         - মিচিঙৰ বিশেষভাৱে তৈয়াৰী চৌকাশাল। 
গালোক      - মিচিং পুৰুষসকলে পিন্ধা বিশেষ প্ৰকাৰৰ চোলা। 
মাম্             - নবৌ। 
সৰুপাই       - খুড়া। 
নামচিং        - শুকান মাছ খুন্দি তৈয়াৰ কৰা এক প্ৰকাৰৰ খাদ্য। 
আপং           - চাউলৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ মদ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)