মাতৃভূমিৰ মনোকষ্ট- কবিতা~মানিক পাল

Rinku Rajowar
0
মোৰ মন আজি আথান 
বুকু বিষন্ন বিৰাগ 
ছহিদে তেজ দি 
স্বাধীন কৰিলে মোক 
ছহিদে জীৱন উচৰ্গা কৰি 
জন্ম দিলে অসম ভূমিক ।

যি ভূমিয়ে আকৌ 
জন্ম দিলে 
শংকৰ মাধৱৰ পৰা আদি কৰি 
সহস্ৰ শাশ্বত মহাপুৰুষক ।

যি ভূমিয়ে
ভূমিস্থ কৰিলে
মাধৱ কন্দলী, বেজবৰুৱাকে আদি কৰি 
সহস্ৰ কালজয়ী সাহিত্যিক ।

যি ভূমিয়ে 
জনম দিলে 
জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদকে আদি কৰি 
সহস্ৰ যুগজয়ী শিল্পীক ।

কিন্তু আজি মোৰ মন আথান 
বুকু বিষন্ন বিৰাগ 
সৰ্বত্ৰে ৰঙা পিকৰ ৰঙীনতা দেখি ।
ছহিদৰ ৰঙা তেজবোৰ আঁতৰি 
মোৰ বুকুখন ৰঙা কৰিলে 
বিবেকহীন মানৱৰ ৰঙা পিকবোৰে ।
কেতিয়াবা ভাৱো 
এয়া জানো শংকৰ, আজান
লাচিত, মূলাগাভৰু ,কনকলতা, সতী জয়মতীয়ে 
এৰি যোৱা অসম মাতৃৰ ভূমি হয়নে ???

🖋️মানিক পাল 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)